বোকাজানত চালকৰ মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ শনিবাৰে পুৱাৰ ভাগত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত উদ্ধাৰ হয় এটা মৃতদেহ ৷ জানিব পৰা মতে, আজি পুৱাৰ ভাগত খটখটি আৰক্ষী থানাৰ অন্তৰ্গত খটখটি আৰু ডিমাপুৰ ৰেল ষ্টেচনৰ মাজৰ চানডে মাৰ্কেট এলেকাৰ ওচৰৰ ৰেলপথৰ সমীপত এটা মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ৰেল আৰক্ষীক অৱগত কৰে। ৰেল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃতদেহৰ সৈতে পোৱা চালকৰ অনুজ্ঞাপত্ৰৰ জৰিয়তে মৃত যুৱকজন নগাঁও জিলাৰ পুৰণিগুদাম গড়মূৰৰ নৱজ্যোতি গায়ন বুলি চিনাক্ত কৰে।
আনহাতে যুৱকজনে কালি নিশা AS-02-P-3602 নম্বৰৰ নিজৰ মাৰুটি কোম্পানীৰ চুইফ্ট ডিজায়াৰ গাড়ীখন লৈ ঘৰৰ পৰা ওলাই অহাৰ লগতে যুৱকজনক কোনো দুৰ্বৃত্তই চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ নিয়াৰ চলেৰে তেওঁক হত্যা কৰি গাড়ীখন লৈ যোৱা বুলি সন্দেহ কৰা হৈছে।
আনহাতে ৰেল আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰাৰ লগতে যুৱকজনৰ পৰিয়ালৰ লোক ইতিমধ্যে ডিফুত আহি উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।