নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকট বঞ্চিত মন্ত্রী ছুম ৰংহাঙৰ বিজেপি ত্যাগ, কংগ্রেছত যোগদানঃ ডিফুৰ পৰা অৱতীর্ণ হ’ব প্রতিদ্বন্দ্বিতাত

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ:  প্রার্থিত্বৰ পৰা বঞ্চিত মন্ত্রী ছুম ৰংহাঙে দেওবাৰে বিজেপি ত্যাগ কৰি যোগদান কৰে কংগ্রেছত৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু পর্যবেক্ষক তথা এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ উপস্থিতিত সোণাপুৰৰ স্প্রীংভেলী ৰিজ’টত মন্ত্রী ৰংহাঙৰ যোগদান প্রক্রিয়া সম্পন্ন হয়৷

উল্লেখ্য যে বিজেপিয়ে ইতিমধ্যে ঘোষণা কৰা ৭০জনীয়া প্রার্থী তালিকাৰ পৰা নাম কর্তন হোৱা ১১ মন্ত্রী–বিধায়কৰ অন্যতম হ’ল ৰংহাং৷ পার্বত্য অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্রী ৰংহাঙে পুনৰ ডিফু সমষ্টিৰ প্রার্থিত্বৰ দাবীদাৰ আছিল৷ কিন্তু বিজেপিয়ে মন্ত্রী ৰংহাঙৰ পৰিৱর্তে ডিফুত প্রার্থিত্ব প্রদান কৰে বিদ্যাছিং ইংলেঙক৷ প্রার্থিত্ব কর্তন হোৱাৰ পাছতে ৰংহাঙে কংগ্রেছত যোগদান কৰিব বুলি ব্যাপক চর্চা হৈছিল৷ অৱশেষত  এই চর্চা বাস্তৱত পৰিণত হ’ল৷ কংগ্রেছত যোগদান কৰাৰ পাছতেই বিজেপিৰ সমালোচনাত সৰৱ হৈ পৰে মন্ত্রী ৰংহাং৷

প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ উপস্থিতিত বিজেপিয়ে প্রার্থিত্ব কর্তন কৰাত ক্ষোভ ব্যক্ত কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয়– মই টিকটৰ পৰা বঞ্চিত হ’ম বুলি ভবাই নাছিলোঁ৷ বিগত সময়ছোৱাত মোৰ ওপৰত অর্পণ কৰা সকলো দায়িত্ব–কর্তব্য পালন কৰিছোঁ৷ মুষ্টিমেয় কেইজনমান লোকৰ কাৰণে মই বঞ্চিত হ’লোঁ৷ বিজেপিত মেৰপেঁচ লগাই কামবোৰ কৰা হয়৷ এতিয়া বিজেপিত থাকি মই আৰু ৰাজনীতি–সমাজসেৱা কৰিব নোৱাৰোঁ৷ সেয়েহে কালিৰে পৰা চিন্তা–চর্চা কৰি বিজেপিৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ল’লোঁ৷ একমাত্র টিকটৰ পৰা বঞ্চিত হোৱা বাবেই বিজেপি ত্যাগ কৰিলে নেকি বুলি সোধা প্রশ্ণৰ বিপৰীতে তেওঁৰ উত্তৰ আছিল এনেধৰণৰ– অকল টিকটৰ পৰা বঞ্চিত হোৱাই নহয়, আন বহুতো কাৰণ আছে৷ এতিয়া সেইবোৰ মই ব্যক্ত নকৰোঁ৷ মই সমষ্টিবাসীক সকলো কথা জনাম৷ সময়ে সময়ে সংবাদ মাধ্যমৰ আগতো এই বিষয়ে ক’ম৷ কংগ্রেছ প্রার্থী হিচাপে ডিফু সমষ্টিৰ পৰা এইবাৰৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা সন্দর্ভত তেওঁ কয়– আজি মই যোগদান কৰিছোঁ৷ পাছত ইয়াৰ সিদ্ধান্ত হ’ব৷ টিকট পালে ডিফুৰ পৰা নিশ্চিতভাৱে প্রতিদ্বন্দ্বিতা কৰিম৷ ডিফু সমষ্টিত বিজয় নিশ্চিত বুলিও মন্ত্রী ৰংহাঙে দাবী কৰে৷

মন্ত্রী ৰংহাঙে প্রধানতঃ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙক আক্রমণৰ লক্ষ্য কৰি লয়৷

উল্লেখ্য যে মন্ত্রী ৰংহাঙৰ উপৰি এইবাৰ কার্বি আংলং জিলাৰ হাওৰাঘাট সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেং আৰু বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ডাঃ মানছিং ৰংপিৰো টিকট কর্তন কৰিছে বিজেপিয়ে৷ বিধায়ক ইংলেং আৰু ডাঃ ৰংপিয়েও কংগ্রেছত যোগদান কৰিব বুলি চর্চা অব্যাহত আছে৷ এই বিষয়ে সোধাত মন্ত্রী ৰংহাঙে ইংগিতপূর্ণভাৱে কয় যে তেওঁলোকৰ লগতো আলোচনা হৈছে৷ অতি সোনকালে আমাৰ কেইজনমান নেতাই বিজেপি ত্যাগ কৰি কংগ্রেছলৈ আহি আছে৷

ইফালে প্রদেশ কংগ্রেছৰ সভাপতি বৰাই মন্ত্রী ৰংহাঙক দললৈ আদৰণি জনায়৷ তেওঁ কয়– মন্ত্রী ৰংহাং পূর্বতে আমাৰ দলতেই আছিল৷ এটা সময়ত তেওঁ গুচি গৈছিল যদিও আজি পুনৰ কংগ্রেছলৈ ঘূৰি আহিল৷ কংগ্রেছ ত্যাগ কৰি বিজেপিলৈ যোৱা বহুকেইজন নেতা এতিয়া অনুতপ্ত হৈছে৷ তেওঁলোক পুনৰ ঘূৰি আহিব৷

You might also like