বিজেপিলৈ অভিনেতা মিঠুন চক্রৱর্তী
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: পশ্চিমবংগ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযান দেওবাৰে আৰম্ভ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কলকাতাৰ ব্রিগেড পেৰেড গ্রাউণ্ডত এক বিশাল গণ সমাৱেশত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে কয় যে গণতন্ত্রৰ নামত তৃণমূল কংগ্রেছ চৰকাৰে পশ্চিমবংগত লুটতন্ত্রক প্রশ্রয় দিছে৷ জাতি আৰু ধর্মৰ নামত বিভেদৰ ৰাজনীতি কৰিছে মমতাই৷ গতিকে পশ্চিমবংগত এতিয়া পদুম ফুল ফুলিছে বুলিও উল্লেখ কৰে মোদীয়ে৷
বিজেপিৰ নেতৃত্বত ৰাজ্যখনত গণতন্ত্র পুনৰ প্রতিষ্ঠা হ’ব বুলিও মোদীয়ে উল্লেখ কৰে৷
লক্ষণীয়ভাৱে প্রধানমন্ত্রীগৰাকীয়ে শ্যামা প্রসাদৰ আদর্শত বিজেপি দীক্ষিত বুলি উল্লেখ কৰি দলটোৰ ডি এন এত পশ্চিমবংগৰ অস্তিত্ব থকা বুলিও এই সমাৱেশত উল্লেখ কৰে৷
মমতা বেনার্জীক কঠোৰ সমালোচনা কৰি প্রধানমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ জনসাধাৰণে দিদি হিচাপে ১০ বছৰ পূর্বে মমতাক ক্ষমতাত বহুৱাইছিল৷ কিন্তু মমতা বেনার্জী ৰাজ্যবাসীৰ দিদি হোৱাৰ পৰিৱর্তে ভতিজাকৰ পেহীয়েকহে হৈ পৰিল বুলিও মোদীয়ে কটাক্ষ কৰে৷
ইফালে প্রধানমন্ত্রীৰ ৰেলীৰ প্রাক্মুহূর্তত অভিনেতা মিঠুন চক্রৱর্তীয়ে বিজেপিত যোগদান কৰে৷