নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক নাৰী দিৱসৰ অনুভৱ

- ড০ নিবেদিতা ডেকা

আজিৰ পৰা প্রায় ১১৩ বছৰৰ আগতে ১৯০৮ চনত প্রায় ১৫,০০০ মহিলা কর্মীয়ে নিউয়র্ক চহৰৰ মাজ মজিয়াত চমু কর্ম ঘণ্টা Working hours), বর্ধিত দৰমহা আৰু ভোটৰ অধিকাৰ বিচাৰি কৰা সমদল যাত্রাই নাৰী দিৱসৰ বীজ সিঁচা বুলি ভবা হয়৷ ক্রমান্বয়ে এগৰাকী জার্মান মহিলা ক্লাৰা জেট্কিন Clara Zetkin)ৰ উদ্যোগত আন্তর্জাতিক নাৰী দিৱসে প্রাণ পাই উঠে৷ ১৯১১ চনত অষ্ট্রিয়া, ডেনমার্ক, জার্মানী আৰু ছুইজাৰলেণ্ডত প্রথম আন্তর্জাতিক নাৰী দিৱস পালন কৰা হয়৷ সেয়েহে ২০১১ চনত আন্তর্জাতিক নাৰী দিৱসৰ শতবার্ষিকী উদ্যাপন কৰা হয়৷ ৰাষ্ট্রসংঘই ১৯৭৭ চনত মার্চ মাহৰ ৮ তাৰিখটো আন্তর্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰে৷ মহিলাৰ লিংগসমতা আৰু সম–ধিকাৰৰ বাবে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে এই দিৱসৰ গুৰুত্ব আছে৷ এই দিৱসত মহিলাৰ সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সফলতা উদ্যাপন কৰা হয়৷ মহিলাৰ সম–ধিকাৰ লাভৰ বাবেও এই দিৱসত নানা ধৰণেৰে সভা–সমিতিৰ যোগেৰে সমাজখনক সজাগ কৰা হয়৷ এই দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্রসংঘই প্রতিবছৰে ৮ মার্চত একো একোটা বিষয় ধার্য কৰে যেনে, ২০২০ চনৰ বিষয় আছিল, মই প্রজন্ম সমতা ঃ মহিলাৰ অধিকাৰ উপলব্ধিকৰণ I am Generation Equality. Realizing Women’s’ Rights)৷ তেনেদৰে ২০২১ চনৰ ৮ মার্চৰ বিষয় হ’ল, প্রত্যাহ্বান পছন্দ কৰা Choose to Challenge)৷ এখন প্রত্যাহ্বানযুক্ত পৃথিৱীহে সজাগ পৃথিৱী হ’ব পাৰে৷ আমি ব্যক্তিগতভাৱে বিভিন্ন প্রত্যাহ্বানৰ মুখামুখি হওঁ আৰু তাৰ সৈতে মোকাবিলাও কৰোঁ৷ সামূহিকভাৱে আমি মহিলাসকলক বিভিন্ন প্রত্যাহ্বানৰ মুখামুখি হ’বলৈ সহায় কৰিব পাৰোঁ আৰু কৰিব লাগে৷ প্রত্যাহ্বানৰ পৰাই সলনিৰ সৃষ্টি হয়, যিধৰণৰ সলনিয়ে এখন সামগ্রিক পৃথিৱীৰ Inclusive world) সৃষ্টি কৰিব পাৰে৷
ব্যক্তিগতভাৱে মই জীৱনটোত নানান ধৰণৰ প্রত্যাহ্বানৰ সন্মুখীন হৈ আহিছোঁ৷ পিছে অতি সাহসেৰে, আত্মবিশ্বাসেৰে সেই প্রত্যাহ্বানবোৰ অতিক্রমো কৰিছোঁ৷ একেবাৰেই ব্যক্তিগত পর্যায়ত ১৯৯৭ চনতে ২ বছৰীয়া পুত্রক লগত লৈ প্রথম বিদেশ যাত্রা কৰোঁতে অনুভূত কৰা ভয়–শংকাবোৰ মোৰ বাবে প্রত্যাহ্বানেই আছিল৷ তেনেদৰে বছৰি গৱেষক ছাত্র–ছাত্রীক তত্ত্বাৱধান কৰোঁতে, পুত্রই অভিযান্ত্রিক মহাবিদ্যালয়ত শাৰীৰিক আৰু মানসিক ৰেগিঙৰ বলি হোৱাৰ খবৰ পাওঁতে, অতি কষ্টেৰে প্রকল্প Project) লিখি অনুদান Fund) যোগাৰ কৰোঁতে, কৃষকৰ পথাৰত সমস্যাৰ সমাধান দিওঁতে বিভিন্ন ধৰণৰ প্রত্যাহ্বানৰ সন্মুখীন হওঁতে অধৈর্য নোহোৱাকৈ মোকামিলা কৰিছোঁ৷ শেহতীয়াকৈ ক’ভিডত আক্রান্ত হোৱাটোও মোৰ বাবে আন এক প্রত্যাহ্বান আছিল৷ সামূহিকভাৱে বানপানীৰ বাবে কৃষিখণ্ডত অহা প্রবল প্রত্যাহ্বান, সামগ্রীৰ মূল্যবৃদ্ধি, মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধবোৰ, বিভিন্ন ধৰণৰ শাৰীৰিক তথা মানসিক অসুস্থতাৰ কাৰকবোৰো আন এক প্রত্যাহ্বান৷
কিন্তু এই প্রত্যাহ্বানবোৰ মই অকলে অথবা মাত্র কেইজনমানেই সমাধান কৰিব নোৱাৰোঁ৷ ইয়াৰ বাবে আমাক এক সামূহিক প্রচেষ্টাৰ প্রয়োজন৷ নাৰীসকলে সন্মুখীন হোৱা প্রত্যাহ্বানবোৰ মোকাবিলা কৰিবলৈ কেৱল নাৰীয়েহে চেষ্টা কৰিব লাগিব, এনে নহয়৷ মোৰ জীৱনত অহা প্রত্যাহ্বানবোৰ অতিক্রম কৰোঁতে মই সততে বহুবোৰ পুৰুষৰ সহায়ৰ হাত দেখিবলৈ পাওঁ৷ মোৰ প্রয়াত দেউতা, শহুৰ দেউতা, দাদা, স্বামী, পুত্র, কার্যালয়ৰ পুৰুষ সহকর্মী, ছাত্রসকলক সদায়ে মই মোৰ শুভাকাংক্ষী হিচাপে কাষতে পাইছো৷ সেয়েহে নাৰী দিৱসৰ এই পৱিত্র ক্ষণত মই সাহসেৰে ক’ব পাৰিছোঁ– ‘প্রত্যাহ্বান পছন্দ কৰিছোঁ’ I Choose to Challenge).

You might also like