নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ নির্বাচন আয়োগে বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছত প্রথমবাৰলৈ পশ্চিমবংগৰ কলকাতাত বিশাল জনসভাত ভাষণ দি তৃণমূল কংগ্রেছ চৰকাৰক প্রধানমন্ত্রী মোদীয়ে ক্ষুৰাধাৰ সমালোচনা কৰাৰ সময়তে মুখ্যমন্ত্রী মমতাই আজি শিলিগুৰিত এক পদযাত্রাত অংশগ্রহণ কৰে৷ ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মমতাই উলিয়ায় এই পদযাত্রা৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বে পেট্র’লৰ মূল্যবৃদ্ধিৰ প্রতিবাদত বৈদ্যুতিক স্কুটী চলাই মমতাই কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল৷ আজি এই পদযাত্রাত অংশগ্রহণ কৰা মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্রী মমতাই কয় যে প্রধানমন্ত্রী মোদীয়ে পেট্র’ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ কাৰণ ৰাজ্যবাসীক সবিস্তাৰে বুজাই দিয়া উচিত৷ এই পদযাত্রাতে মোদীক কটাক্ষ কৰি মমতাই কয় যে পশ্চিমবংগত পৰিৱর্তন নহয়, দিল্লীৰ শাসনত পৰিৱর্তন আহিব আৰু মোদীয়ে হেৰুৱাব প্রধানমন্ত্রীৰ চকী৷