নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ বাৰ্ষিক বক্তৃতানুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ বাৰ্ষিক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ‘শংকৰদেৱ আৰু লোকসংস্কৃতি’ শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত বক্তৃতানুষ্ঠানত উপস্থিত থাকে গীতিকাৰ-কবি তথা অসম সাহিত্য় সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলী।

আলীয়ে নিজ ভাষণত শংকৰদেৱ অধ্যয়ন সন্দৰ্ভত নতুন অন্তৰ্দৃষ্টিৰে আলোকপাত কৰে। বিশ্ববিদ্যালয়খনৰ নতুন শৈক্ষিক ভৱনৰ সভাগৃহত বিভাগীয় প্ৰধান ড০ বিভা ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠান উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে।

উপাচাৰ্যগৰাকীয়ে শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ পৰিসৰ বৃদ্ধিৰ জৰিয়তে ইয়াক এক উল্লেখনীয় অনুষ্ঠান ৰূপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে।

ছাত্ৰ নিতুমণি বৰাৰ এটি বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক কনক চন্দ্ৰ চহৰীয়াই। অধ্যাপিকা ড০ দীপ্তি ফুকন পাটগিৰিয়ে সংস্কৃতিৰ প্ৰসংগ টানি আনি বৰগীত আৰু অসমীয়া গীতিসাহিত্য সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়।

এই অনুষ্ঠানতে অসমীয়া বিভাগৰ গৱেষক মঞ্চৰ পত্ৰিকা ‘সাধনা’ৰ চতুৰ্থ সংখ্যাটো মুকলি কৰা হয়। অনুষ্ঠানত বহুকেইগৰাকী অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

You might also like