নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নাৰী দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ আজি মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিশ্ব নাৰী দিৱস উপলক্ষে জিলা প্ৰশাসনৰ সকলো মহিলা কৰ্মচাৰীসকলক লৈ জিলা উপায়ুক্ত লীনা দাসে আবেলি এক অনুষ্ঠান অনুষ্ঠিত কৰে ।

নাৰী দিৱস উপলক্ষে প্ৰস্তুত কৰা এটা বৃহৎ আকাৰৰ কেক কাটি জিলা উপায়ুক্ত লীনা দাসে বিভিন্ন বিভাগৰ মহিলা কৰ্মচাৰীক বিশ্ব নাৰী দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে আৰু কয় যে নাৰী যিমানে উচ্চ পদত অধিষ্ঠিত নহওক কিয় কাৰ্যালয়ৰ কাম সমাপন কৰি নাৰীয়েই ঘৰুৱা কাম সমাপন কৰিবলগীয়া হয় ।

এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰায়ো সাৰুৱা ভাষণ ৰাখি কয় যে নাৰী আৰু পুৰুষ মিলি কাম কৰিলেহে সমাজৰ উন্নতি সম্ভৱ হয়। পূৰ্বতে আমাৰ সমাজত ঠেক মানসিকতাৰ বাবে নাৰীক ঘৰৰ চৌহদতে আবদ্ধ কৰি ৰখা হৈছিল ।

সাম্প্ৰতিক কালত ল’ৰা-ছোৱালীক সম শিক্ষা দিয়া হয় আৰু এই প্ৰক্ৰিয়াই সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুত সহায় কৰে বুলি জিলা উন্নয়ন আয়ুক্তই মত প্ৰকাশ কৰে ।

এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু, সহ-আয়ুক্ত মৈত্ৰেয়ী মৰাণ, নৱ নিযুক্ত সহঃ আয়ুক্তদ্বয় প্ৰমুখ্যে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল উপস্থিত আছিল।

You might also like