মঙলত পাৰছেভাৰেন্স অৱতৰণ কৰা স্থানৰ নাম ৰাখিলে অক্টাভিয়া বাটলাৰ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ঐতিহাসিক মঙল অভিযানেৰে ৰঙা গ্রহটিত ৰভাৰ পাৰছেভাৰেন্সে সফলতাৰে অৱতৰণ কৰাৰ পিছত নাছাই অৱতৰণস্থলীৰ নাম অক্টাভিয়া বাটলাৰ ৰাখিলে৷ বিজ্ঞান কাহিনীৰ লেখক অক্টাভিয়া বাটলাৰৰ নামত অৱতৰণস্থলীৰ নাম ৰখা হৈছে বুলি নাছাই প্রকাশ কৰিছে৷ অৱতৰণস্থলীৰ সম্পূর্ণ নাম হ’ব ‘অক্টাভিয়া ই বাটলাৰ লেণ্ডিং’৷
উল্লেখ্য যে ২০৮দিনীয়া যাত্রাৰ সামৰণি পেলাই যোৱা ১৮ মার্চত ৰঙা গ্রহ মঙলত নাছাৰ ৰ’ভাৰ পাৰছেভাৰেন্সে অৱতৰণ কৰিছিল৷ ৰ’ভাৰ পাৰছেভাৰেন্স মঙলত অৱতৰণ কৰাৰ পিছতেই ইতিহাস সৃষ্টি হয়৷ এই ইতিহাস সৃষ্টিকাৰী মঙল অভিযানত ভাৰতীয় মূলৰ বিজ্ঞানী ড০ স্বাতী মোহন আৰু ড০ সঞ্জীৱ গুপ্তা অন্যতম খনিকৰ হিচাপে জড়িত হৈ আছে৷ মঙলত জীৱৰ সন্ধানৰ লগতে বায়ুমণ্ডলৰ গৱেষণাৰ বাবে ৰ’ভাৰ পাৰছেভাৰেন্সে ইতিমধ্যে যাত্রা আৰম্ভ কৰিছে৷