নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ জে ই ই মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে৷ সোমবাৰে সন্ধিয়া কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ই টুইটযোগে এই ঘোষণা কৰিছে৷ নেচনেল টেষ্টিং এজেঞ্চীয়ে আয়োজন কৰা যোৱা ২৪–২৬ ফেব্রুৱাৰীত অনুষ্ঠিত হৈ যোৱা জে ই ই মূল পৰীক্ষাৰ ফলাফল ১০ দিনৰ ভিতৰতে ঘোষণা কৰিছে৷ ঘোষিত ফলাফলসমূহ নেচনেল টেষ্টিং এজেঞ্চীৰ ৱেবছাইটত উপলব্ধ হ’ব৷
উল্লেখ্য যে কালি ঘোষিত ফলাফলত দেশৰ ৬জন শিক্ষার্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে ভিতৰত দুজন দিল্লীৰ৷ তেওঁলোক হৈছে প্রবৰ কাটাৰিয়া আৰু ৰঞ্জিম প্রবাল দাস৷ বাকীকেইজন হৈছে ৰাজস্থানৰ চাকেট ঝা, ছণ্ডীগড়ৰ গুৰম্রিত সিং, মহাৰাষ্ট্রৰ সিদ্ধার্থ মুখার্জী আৰু গুজৰাটৰ অনন্ত কৃষ্ণ কিদাম্বি৷