নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিএমকেৰ বিৰুদ্ধে প্রতিশ্রুতি নকল কৰাৰ অভিযোগ কমল হাছানৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ আগন্তুক তামিলনাডু বিধানসভা নির্বাচনৰ পূর্বে ডি এম কে দলৰ বিৰুদ্ধে কঠোৰ অভিযোগ আনিছে অভিনেতা তথা ৰাজনীতিক কমল হাছান নেতৃত্বাধীন মাক্কাল নিধি মায়াম (এম এন এম)এ৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে দলটোৰ মুৰব্বী হাছানে উল্লেখ কৰিছে যে ডি এম কে দলে এম এন এমৰ বহু নির্বাচনী প্রতিশ্রুতি নকল কৰিছে৷ বিশেষকৈ নিয়োগ সৃষ্টি আৰু গৃহকর্মীসকলক এমাহৰ বেতন আগবঢ়োৱাৰ যি প্রতিশ্রুতি হাছানৰ দলে পূর্বে ৰাখিছিল, সেই প্রতিশ্রুতি ডি এম কে দলেও প্রদান কৰা বুলি অভিযোগ অনা হৈছে৷

কালি ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনে প্রতিশ্রুতি প্রদান কৰিছিল যে যদি দলটো ক্ষমতালৈ আহে, তেন্তে প্রতিমাহে ৰাজ্যখনৰ গৃহিণীসকলক এহাজাৰকৈ টকা প্রদান কৰিব৷ এয়া হৈছে এম এন এমৰ মূল সাতটা প্রতিশ্রুতিৰ এটা৷ আজি হাছানে ডি এম কেৰ এনে কার্যত আশ্চর্য প্রকাশ কৰি কৈছে যে যদি দলটোৱে এনেদৰে ইস্তাহাৰৰ প্রতিশ্রুতি নকল কৰিব পাৰে, তেন্তে এম এন এমৰ সততাকো ৰক্ষা কৰাৰ প্রতিশ্রুতি দিয়া উচিত৷

You might also like