নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ বাণী দাসৰ মনোনয়ন-পত্ৰ দাখিল

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ দ্বিতীয় দিনা অসম জাতীয় পৰিষদৰ মৰিগাঁও সমষ্টিৰ প্ৰাৰ্থী তথা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বাণী দাসে মনোনয়ন দাখিল কৰে।

উল্লেখ্য যে বাণী দাসৰ পৈতৃক গৃহ মৰিগাঁৱৰ ভেৰবন্ধাৰ পৰা বিপুলসংখ্যক সমৰ্থকে আদৰি আনি মৰিগাঁও স্কুল খেলপথাৰৰ পৰা সমদল কৰি মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত অজাপৰ মৰিগাঁও জিলা সমিতিৰ নেতা-কৰ্মীৰ উপৰি পত্নী মাইনী মহন্তই সংগ দিয়ে।

মনোনয়ন পত্ৰ দাখিল কৰি বাণী দাসে কয় যে বিজেপিৰ অসমীয়া বিৰোধী নীতিৰ বিৰুদ্ধে এইবাৰ ৰাইজে মতদান কৰিব আৰু মৰিগাঁও সমষ্টিতো তেওঁক উন্নয়নৰ স্বাৰ্থত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিব।

আনহাতে আজি কংগ্ৰেছ মহাজোঁটৰ অন্যতম অংশীদাৰ চি পি আই দলৰ প্ৰাৰ্থী মুনিন মহন্তই সমৰ্থকসহ মনোনয়ন দাখিল কৰে।

উল্লেখ্য, মনোনয়ন দাখিলৰ পূৰ্বে চি পি আই প্ৰাৰ্থীগৰাকীয়ে মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত  উপস্থিত হৈ সাংসদ প্ৰদ্যুত বৰদলৈক সাক্ষাৎ কৰে।

আনহাতে আজি সদ্য ইউ ডি এফ ত্যাগী নেতা ছিদ্দিক আহমেদে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰে।

ছিদ্দিক আহমেদে কয় যে এইবাৰ লাহৰিঘটত ড০ নজৰুল ইছলামৰ পৰিয়ালৰ শাসন ওফৰাই পেলোৱা হ’ব।

You might also like