নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ সৰ্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১১মাৰ্চঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা অসমীয়া জাতি ধ্বংসকাৰী মিত্ৰতা আৰু এই মিত্ৰতা অসমৰ ৰাইজে প্ৰতিহত কৰিব লাগিব। -এই মন্তব্য নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত-স্বাস্থ্য-শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

আনকি বদৰুদ্দিন আজমলৰ লগত মিত্ৰতা কৰি কংগ্ৰেছ দল চিৰদিনৰ বাবে অসমীয়া ৰাইজৰ পৰা আঁতৰি যোৱা বুলিও মন্তব্য কৰে ড০ শৰ্মাই। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ ছিপাঝাৰ সমষ্টিৰ মনোনীত প্ৰাৰ্থী ড০ পৰমানন্দ ৰাজবংশীৰ আজি মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ছিপাঝাৰত অনুষ্ঠিত হোৱা এখন সভাত অংশ লৈ এনেদৰেই কংগ্ৰেছ -এ আই ইউ ডি এফৰ বিৰুদ্ধে তীব্র আক্ৰমণাত্মক হৈ পৰে বিজেপি নেতাগৰাকী।

ছিপাঝাৰ একাডেমী খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত কংগ্ৰেছ দলে ইমানদিনে কেৱল ধুতি আৰু লুঙীৰ ৰাজনীতি কৰি অহা বুলি উল্লেখ কৰি বিজেপিৰ কাৰ্যকালত বাট-পথৰ উন্নয়নৰ উপৰি বিদ্যালয়- মহাবিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি আগবঢ়োৱাৰ লগতে চৰকাৰী চাকৰিত দুৰ্নীতি কমা বুলি উল্লেখ কৰে।

আনকি এটা দিনতে স্বচ্ছ আৰু নিকা পদ্ধতিৰে চল্লিশ হাজাৰ শিক্ষক নিযুক্তি দি অভিলেখ প্ৰতিষ্ঠা কৰা বুলিও মন্তব্য কৰে। বিজেপি চৰকাৰে ২২ লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ লগতে এইবাৰ পুনৰ আঠ লাখ লোকে এই আঁচনিৰ সুবিধা পাব আৰু পৰ্যায় ক্ৰমে অৰুণোদয় আঁচনিৰ ধন ৮৩০ৰ পৰা ৩০০০ টকা পৰ্যন্ত কৰা হ’ব বুলি দোহাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

 অসমত আকৌ বিজেপিৰ চৰকাৰ হ’ব আৰু ৰাজ্যখনক উন্নয়নৰ নতুন দিগন্তলৈ নিব বুলি দোহাৰি ক’ভিড মহামাৰী আৰু কা আন্দোলনৰ পৰিপ্ৰেক্ষিতত তিনি বছৰহে ভালকৈ কাৰ্যকাল চলোৱা বিজেপিয়ে যি কৰিলে কংগ্ৰেছে সেয়া ১৫ বছৰতো পৰা নাছিল বুলি উল্লেখ কৰে।

ইফালে ছিপাঝাৰৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত বহুত কথা চিন্তা কৰি পৰমানন্দ ৰাজবংশীক প্ৰাৰ্থিত্ব আগবঢ়োৱা বুলি উল্লেখ কৰি বিজেপিত কেৱল ৰাজনীতি কৰা মানুহ নাথাকে, সাহিত্য-সংস্কৃতিৰ লগতে খেলুৱৈ আদিও থাকে বুলি কয়।

পৰমানন্দ ৰাজবংশী বিজয়ী হৈ ছিপাঝাৰ সমষ্টি জাকত-জিলিকা কৰি তুলিব বুলিও প্ৰকাশ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইফালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছিপাঝাৰৰ ৰাইজক শিক্ষিত আৰু সংস্কৃতিৱান বুলি উল্লেখ কৰি এইবাৰৰ প্ৰাৰ্থী ড০ পৰমানন্দ ৰাজবংশীক বিপুল ভোটত জয় কৰাই সমষ্টিৰ সন্মান অসমৰ মানচিত্ৰত দাঙি ধৰিবলৈ আহ্বান জনায়।

ইফালে সকলো শ্ৰেণীৰ জনসাধাৰণক আশ্বাস আৰু বিশ্বাসত লৈ বিজেপি আগবঢ়া বুলি উল্লেখ কৰি অসমীয়াৰ জাতি-মাটি-ভেটি আজি সকলো সুৰক্ষিত বুলি মন্তব্য কৰে।

 দৰং জিলা কংগ্ৰেছৰ সম্পাদক মিহিৰ চহৰীয়াই আঁত ধৰা অনুষ্ঠানত মঙলদৈ সাংসদ দিলীপ শ‌‌ইকীয়াই ছিপাঝাৰত পুনৰ পদুম ফুলিব বুলি উল্লেখ কৰি বিগত পাঁচ বছৰত অসমৰ প্ৰতিচ্ছবি আৰু কংগ্ৰেছৰ দিনৰ ছবিৰ তুলনা কৰে।

সভাত সংখ্যা লঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল, ৰাজ্যিক মহিলা বিজেপিৰ সভানেত্ৰী অপৰাজিতা ভূঞা, কেন্দ্ৰীয় নেতা বৈজন্ত জয় পাণ্ডা আদিয়েও বক্তব্য ৰাখে।

ইফালে আজিৰ অনুষ্ঠানত দৰং কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক দিলীপ কলিতা আৰু প্ৰদেশ যূৱ কংগ্ৰেছৰ সম্পাদক দেৱৰ্ষি ডেকাই বিজেপিত যোগদান কৰে। ইফালে আজি পুৱাৰ ভাগতে প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়ে সপত্নীক সেৱা লয় জন্ম গাঁও পাতিদৰঙৰ অৰ্ধ নাৰীশ্বৰ শিৱমন্দিৰত। গাঁওবাসীয়েও উষ্ম অভিনন্দন জনায় প্ৰাৰ্থীগৰাকীক।

You might also like