নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ যোৰহাটত নিৰ্বাচন বিধি উলংঘা কৰাৰ অপৰাধত নগদ ধন জব্দ

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ যোৰহাটৰ ৰজাবাৰীৰ চাহ গৱেষণা কেন্দ্ৰৰ সমীপৰ আৰক্ষী আৰু চি আৰ পি এফ ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ হয় নগদ ৩ লাখ ৬৩ হাজাৰ ৭৯ টকা।

অতুল দাস নামৰ এজন লোকৰ এখন বাইকৰ পৰা জব্দ কৰে টকাখিনি। এখন গাড়ীৰ পৰা কালি জব্দ হৈছিল নগদ ৫ লাখ টকা।

বুধবাৰৰ দৰে আজিও কি কাৰণত কিয় এই বৃহৎ পৰিমাণৰ টকাখিনি আনিছিল সেয়া জানিবলৈ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

You might also like