ভাৰতলৈ সামৰিক–প্রযুক্তিগত সহযোগিতা বৃদ্ধিৰ লক্ষ্য পেণ্টাগনৰ বিষয়ববীয়াৰ
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ আমেৰিকাৰ জ’ বাইডেন প্রশাসনে ভাৰতৰ সৈতে সামৰিক আৰু প্রযুক্তিগত সহযোগিতা অধিক বৃদ্ধি কৰাৰ চিন্তা–চর্চা চলাইছে৷ অকল অস্ত্র বা সামৰিক যন্ত্রপাতি ভাৰতক প্রদান কৰিয়েই নহয়, নতুন দিল্লী প্রশাসনে যাতে নিজাববীয়াকৈ প্রতিৰক্ষা উদ্যোগক অধিক শক্তিশালী কৰি তুলিব পাৰে, সেই ক্ষেত্রত আমেৰিকাই সহায় তথা সহযোগিতা আগবঢ়াব বিচাৰিছে৷
দেশখনৰ প্রতিৰক্ষা দপ্তৰ পেণ্টাগনৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই ছিনেটৰ তথা কংগ্রেছ প্রতিনিধিসকলক মুকলিকৈ জনাইছে এই কথা৷ ইন্দো–পেছিফিক ছিকিউৰিটী এফেয়াৰছৰ ভাৰপ্রাপ্ত সহকাৰী প্রতিৰক্ষা সচিবৰ দায়িত্বত থকা ডেভিদ হেলভিয়ে উল্লেখ কৰিছে যে আগন্তুক দিনত আশা কৰা ধৰণে ভাৰতৰ সৈতে সামৰিক আৰু প্রযুক্তিক সহযোগিতা বৃদ্ধি পালে ভাৰতৰ প্রতিৰক্ষা উদ্যোগসমূহ হৈ পৰিব অধিক কার্যক্ষম তথা শক্তিশালী৷
মার্কিন কংগ্রেছৰ প্রতিনিধি ডুগ লেম্বর্নৰ এক প্রশ্নৰ উত্তৰত ডেভিদ হেলভিয়ে উল্লেখ কৰিছে যে ভাৰত হৈছে আমেৰিকাৰ প্রকৃত বন্ধু৷ এই বন্ধুত্ব অধিক ঘনিষ্ঠ হৈ আহিছে৷ ভৱিষ্যৎ দিনত এছিয়াত ভাৰতেই আমেৰিকাৰ গুৰুত্বপূর্ণ প্রতিৰক্ষা সহযোগী তথা অংশীদাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও হেলভিয়ে মার্কিন কংগ্রেছত ঘোষণা কৰিছে৷
পেণ্টাগনৰ এই জ্যেষ্ঠ বিষয়ববীয়াগৰাকীৰ মন্তব্যৰ পাছতে আমেৰিকাৰ সংবাদ মাধ্যমে ইয়াক গুৰুত্বসহকাৰে লৈছে যদিও তাৎক্ষণিকভাৱে নতুন দিল্লী প্রশাসনে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ স্মর্তব্য যে জ’ বাইডেনে হোৱাইট হাউছৰ শীর্ষ পদবীত আৰোহণ কৰাৰ পাছতেই ভাৰতৰ সৈতে মৈত্রী সুদৃঢ় কৰিব বুলি ঘোষণা কৰিছিল৷