ড০ শর্মাক মুখ্যমন্ত্রী ৰূপে বিচাৰে ৰাজ্যৰ ৮৪ শতাংশইঃ বিদ্যায়তনিক সমীক্ষা
৫৭ শতাংশৰ ৰাষ্ট্রীয় দলৰ প্রতি আস্থা প্রকাশ
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ অসমৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, সেয়া বিজেপিৰ সংসদীয় ব’র্ডে মনোনীত কৰিব বুলি চর্চা চলাৰ সময়তে পৰৱর্তী মুখ্যমন্ত্রী সন্দর্ভত প্রকাশ পাইছে এক বিশেষ সমীক্ষা৷ এই সমীক্ষা অনুসৰি ৰাজ্যখনৰ ৮৪ শতাংশ ভোটাৰৰ পৰৱর্তী মুখ্যমন্ত্রী ৰূপে পছন্দৰ ৰাজনীতিক হৈছে বর্তমানৰ বিত্ত–স্বাস্থ্য–শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা৷
সন্দিকৈ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষার্থীসকলে চলোৱা এক বিদ্যায়তনিক সমীক্ষাত প্রকাশ পাইছে এই তথ্য৷ মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ অর্চনা শর্মাৰ তত্ত্বাৱধানত চলা ক্ষেত্রভিত্তিক অধ্যয়নৰ আধাৰত প্রকাশ পাইছে এই সমীক্ষা৷
‘ৰাজনৈতিক সামাজিকীকৰণে ৰাজনৈতিক ব্যৱহাৰত কিদৰে ভূমিকা লয়’ শীর্ষক অধ্যয়নৰ বাবে ক্ষেত্রভিত্তিক সমীক্ষা চলাইছিল মহাবিদ্যালয়খনৰ শিক্ষার্থীসকলে৷ অধ্যাপিকা ড০ অর্চনা শর্মাই এই সমীক্ষাত লাভ কৰা প্রাৰম্ভিক তথ্য আৰু ক্ষেত্রভিত্তিক অধ্যয়ন শুদ্ধভাৱে হোৱা বুলি উল্লেখ কৰিছে৷
উল্লেখ্য যে ৰাজ্যখনৰ ১৫খন জিলা ক্রমে কামৰূপ (মহানগৰ), কামৰূপ, চৰাইদেউ, দৰং, হাইলাকান্দি, গোৱালপাৰা, ডিব্রুগড়, কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, ডিমা হাছাও, শোণিতপুৰ, ধেমাজি, লখিমপুৰ আৰু কাছাৰ জিলাৰ ক্ষেত্রভিত্তিক অধ্যয়ন চলাইছিল মহাবিদ্যালয়খনৰ শিক্ষার্থী জিনত আফ্রিনে৷
যোৱা বর্ষৰ নৱেম্বৰ মাহৰ পৰা এই বর্ষৰ ফেব্রুৱাৰী মাহলৈ চলোৱা সমীক্ষাৰ অন্তত প্রকাশিত প্রতিবেদন অনুসৰি ২০২১ চনৰ সবাতোকৈ গুৰুত্বপূর্ণ বিষয় ৰূপে পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব বুলি সোধা প্রশ্নৰ উত্তৰত সমীক্ষাত অংশ লোৱা ৮৪ শতাংশ ভোটাৰে ড০ হিমন্ত বিশ্ব শর্মাক তেওঁলোকৰ পছন্দৰ মুখ্যমন্ত্রী বুলি প্রকাশ কৰে৷
মূলতঃ বিগত ক’ৰোনা মহামাৰীৰ সময়ছোৱাত ক’ভিড–১৯ নিয়ন্ত্রণৰ বাবে স্বাস্থ্যমন্ত্রী ৰূপে ড০ শর্মাই প্রদর্শন কৰা পাৰদর্শিতা আৰু সংবাদ মাধ্যমত সঘনে প্রতিটো বিষয়ৰ ওপৰত প্রতিক্রিয়া ব্যক্ত কৰাটোৱে সর্বাধিক ভোটাৰক আকর্ষিত কৰা বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷
আনহাতে, এই সমীক্ষাত অংশ লোৱা ৫৭ শতাংশ ভোটাৰে অসমত ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ প্রতি আস্থা প্রকাশ কৰিছে৷ আঞ্চলিক দলতকৈ ৰাষ্ট্রীয় দল অধিক লোকৰ পছন্দৰ বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷
ইয়াৰ লগতে, অসমৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ কাম–কাজত অধিকাংশ ভোটাৰে সন্তুষ্ট বুলি প্রতিবেদনখনত প্রকাশ কৰা হৈছে৷ উল্লেখ্য যে নির্বাচনৰ প্রাক্মুহূর্তত যি সময়ত নির্বাচন আয়োগৰ দ্বাৰা প্রাক নির্বাচনী সমীক্ষাৰ ক্ষেত্রত বাধা আৰোপ কৰা হৈছে, তেনে সময়তে ৰাজ্যৰ নির্বাচনী প্রেক্ষাপটত এনে বিদ্যায়তনিক সমীক্ষা যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷