নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্মানীত জীৱনাৱসান আইভৰী ক’ষ্টৰ প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১১ মার্চঃ জার্মানীৰ এখন হাস্পতালত জীৱনাৱসান ঘটিছে আফ্রিকান ৰাষ্ট্র আইভৰী ক’ষ্টৰ প্রধানমন্ত্রী হামেড বাকেয়োকোৰ৷

আফ্রিকান ৰাষ্ট্রখনৰ চৰকাৰী সূত্রই সদৰী কৰিছে এই তথ্য৷ দীর্ঘদিন ধৰি বাকেয়োকো কর্কট ৰোগত আক্রান্ত হৈ আছিল৷ ১০ মাৰ্চত হাস্পতালখনত শেষ নিশ্বাস ত্যাগ কৰে প্রধানমন্ত্রীগৰাকীয়ে।

স্মর্তব্য যে মাত্র কেইদিনমান পূর্বে নিজৰ ৫৬সংখ্যক জন্মদিন পালন কৰিছিল নেতাগৰাকীয়ে৷ যোৱা জুলাই মাহত প্রধানমন্ত্রী হিচাপে দায়িত্ব লাভ কৰিছিল বাকেয়োকোৱে৷ তেওঁৰ পূর্বসূৰী আমাডু গ’ন কুলিবালীৰ হঠাৎ মৃত্যু হোৱাৰ লগে লগে নেতৃত্বশূন্য হৈ পৰিছিল চৰকাৰ৷

তেতিয়াই সংসদে প্রধানমন্ত্রীৰ দায়িত্ব প্রদান কৰিছিল হামেড বাকেয়োকোক৷ নেতাগৰাকীৰ মৃত্যুত দেশখনৰ ৰাষ্ট্রপতি আলাছানে উৱাট্টাৰাই গভীৰ শোক প্রকাশ কৰি কৈছে যে বাকেয়োকো আছিল এগৰাকী অসামান্য দক্ষতাৰ অধিকাৰী ৰাষ্ট্রনেতা৷

তেওঁৰ মৃত্যুত আইভৰী ক’ষ্টৰ বৃহৎ ক্ষতি হোৱা বুলিও উল্লেখ কৰে উৱাট্টাৰাই৷

You might also like