অংক নিমিলিলঃ বৰমাত নির্দলীয় প্রার্থী হ’ব নৱ শৰণীয়া
নিয়মীয়া বাৰ্তা, ১১ মার্চঃ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টী (জি এছ পি) বর্তমান ইউ পি পি এল–বিজেপিৰ লগত একেলগে বিটিচিত চৰকাৰ চলাই আছে৷ পিছে বিটিচিত ইউ পি পি এল–বিজেপিৰে মিত্রতা কৰি চৰকাৰ চলাই থাকিলেও এইবাৰ বিধানসভা নির্বাচনত শৰণীয়াই বৰমা সমষ্টিৰ পৰা নির্দলীয় প্রার্থী হিচাপে অৱতীর্ণ হ’ব৷
সাংসদ শৰণীয়াই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি কয় যে বৰমা সমষ্টিত তেওঁ নির্দলীয় হিচাপে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ বিজেপি–জি এছ পিৰ বেনাৰত তেওঁ নির্বাচনত অৱতীর্ণ নহয়৷
সমষ্টিটোত ইউ পি পি এলৰ দলীয় প্রার্থী থাকিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ইউ পি পি এলৰ প্রার্থী থাকিলেও তেওঁ নির্বাচনত অৱতীর্ণ হ’ব৷ ২০১৬ চনৰ নির্বাচনতো তেওঁক বিধানসভালৈ আহিবলৈ সমর্থকসকলে অনুৰোধ জনাইছিল৷
কিন্তু তেতিয়া বিটিচিত অধিকাৰকে ধৰি বিভিন্ন সমস্যা থকাৰ বাবে সেইবাৰ নির্বাচনী যুঁজত অৱতীর্ণ হোৱা নাছিল৷ এতিয়া যিহেতু সমস্যাসমূহ সমাধান হৈছে, সেয়ে তেওঁ এইবাৰ বিধানসভাত নির্বাচন খেলাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ নির্বাচনত তেওঁ ইউ পি পি এলকে ধৰি বিভিন্ন দলৰো সমর্থন লাভ কৰিব বুলি আশা ব্যক্ত কৰে৷