নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুনামিৰ বিভীষিকাৰ স্মৃতি ৰোমন্থন জাপানৰ

নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ১০ বছৰ পূর্বৰ ভূমিকম্প আৰু ছুনামিৰ বিভীষিকাৰ স্মৃতি ৰোমন্থন কৰিছে জাপানে৷ কালি ২.৪৬ বজাত জাপানবাসীয়ে এক মিনিট সময় মৌনতা অৱলম্বন কৰি ছুনামিত প্রাণ হেৰুওৱা ১৮,৫০০ লোকলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

স্মর্তব্য যে ১০ বছৰ পূর্বে কালিৰ দিনটোতে ভূমিকম্পৰ পাছত সংঘটিত ছুনামিত জাপানৰ ফুকুছিমাৰ পৰমাণু ক্ষেত্রত বিপর্যয় ঘটিছিল৷ এই পাৰমাণৱিক বিপর্যয়ে মহাসাগৰলৈও কঢ়িয়াই আনিছিল দুর্যোগ৷

ফুকুছিমাৰ পৰমাণু ক্ষেত্রৰ এই বিপর্যয়ৰ ফলত জাপানত দীর্ঘদিনলৈ অব্যাহত আছিল আতংক৷ স্মর্তব্য যে হিৰোছিমা আৰু নাগাছাকিত পাৰমাণৱিক হিংস্রতাৰ সাক্ষী হোৱা জাপানবাসীয়ে ফুকুছিমাৰ ঘটনাৰ পাছত আতংকিত হৈ পৰাটো আছিল তেনেই স্বাভাৱিক কথা৷ অৱশ্যে অধিক বিপর্যয়ৰ পৰা ৰক্ষা পৰে ফুকুছিমাৰ জনসাধাৰণ৷

তথাপি ছুনামিৰ সেই বিভীষিকাই আজিও ফুকুছিমাবাসীক কঁপাই তোলে৷ সেই বিভীষিকাৰ স্মৃতি ৰোমন্থন কৰি ফুকুছিমাৰ আকাশত আজি জনসাধাৰণে উৰুৱাই দিছে শান্তিৰ প্রতীক পাৰ চৰাই৷

You might also like