ব্রিটেইনৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ ইউৰোপীয় সংঘৰ
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ব্রেক্সিট চুক্তিৰ সময়ত দিয়া প্রতিশ্রুতি ৰক্ষাৰ ক্ষেত্রত ব্যর্থ হোৱা বাবে ব্রিটেইন ইউৰোপীয় সংঘৰ গোচৰৰ সন্মুখীন হ’ব লাগিব৷ উল্লেখনীয় যে উত্তৰ আয়াৰলেণ্ড প্রট’কলৰ অধীনত ইউৰোপীয় আদালতৰ গোচৰৰ সন্মুখীন হ’ব লাগিব ব্রিটিছ চৰকাৰ৷
ব্রেক্সিট চুক্তিৰ সময়ত আয়াৰলেণ্ডক সীমান্তৰ তালাচী চকীৰ পৰা মুক্ত ৰাখিব বুলি প্রতিশ্রুতি দিছিল ব্রিটেইনে৷ কিন্তু এই প্রতিশ্রুতি ৰক্ষা কৰা নাই দেশখনে৷ গতিকে ইউৰোপীয় আয়োগে ব্রিটিছ চৰকাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ বাবে প্রস্তুতি চলাইছে৷
অৱশ্যে এই সমগ্র প্রক্রিয়াটোৱে তিনি বছৰ পর্যন্ত সময় ল’ব পাৰে৷ যদি ইউৰোপীয় সংঘৰ সদস্য দেশসমূহে ইয়াত হেঁচা প্রয়োগ কৰে, তেন্তে শীঘ্রে ব্রিটেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ইউৰোপীয় আয়োগৰ মুৰব্বী উর্ছুলা ভন ডাৰ লিয়েনে ইতিমধ্যে এইক্ষেত্রত ব্রিটেইনলৈ সতর্কবাণী কৰিছে৷
স্মর্তব্য যে উত্তৰ আয়াৰলেণ্ডৰ সৈতে সীমান্তত কোনোধৰণৰ তালাচী চকী ৰখা নহ’ব বুলি ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে ব্রেক্সিট চুক্তিৰ সময়ত প্রতিশ্রুতি দিছিল৷ কিন্তু উত্তৰ আয়াৰলেণ্ডৰ পৰা যান–বাহনৰ চলাচলৰ ক্ষেত্রত এতিয়াও এই তালাচী চকীত সৃষ্টি কৰি থকা হৈছে সমস্যা৷