প্রধানমন্ত্রীৰ মাতৃ হীৰাবেন মোদীয়ে ল’লে ভেকচিনৰ প্রথম ড’জ
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাতৃ হীৰাবেন মোদীয়ে ল’লে ক’ভিড–১৯ ভেকচিনৰ প্রথম ড’জ৷ প্রধানমন্ত্রী মোদীয়ে আজি টুইটাৰযোগে তেওঁৰ মাতৃয়ে ভেকচিনৰ প্রথম ড’জ লোৱা বুলি ঘোষণা কৰে৷ টুইটাৰত প্রধানমন্ত্রী মোদীয়ে কয়– মোৰ মাতৃয়ে আজি ক’ভিড–১৯ ভেকচিনৰ প্রথমটো ড’জ লোৱাৰ তথ্য বিনিময় কৰিব পাৰি সুখী হৈছোঁ৷ মই প্রত্যেককে এইক্ষেত্রত সহায় আৰু সজাগতা প্রচাৰ কৰিবলৈ আহ্বান জনাইছোঁ– যিসকল লোক ভেকচিন ল’বলৈ যোগ্য, সেইসকলক ভেকচিন ল’বলৈ আহ্বান জনাওক৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে যোৱা ১ মার্চত নতুন দিল্লীৰ এইমছত ক’ভিড–১৯ ভেকচিনৰ প্রথম ড’জ লৈছিল৷ প্রধানমন্ত্রীগৰাকীয়্ দেশীয়ভাৱে বিকশিত প্রথমটো ভেকচিন ভাৰত বায়’টেকৰ ক’ভাক্সিন লৈছিল৷ তাৎপর্যপূর্ণ যে যোৱা ১ মার্চৰ পৰা দেশৰ ৬০ বছৰৰ ঊর্ধ্বৰ জ্যেষ্ঠ নাগৰিক আৰু ৪৫ বছৰৰ ঊর্ধ্বৰ বিভিন্ন ৰোগত আক্রান্ত ব্যক্তিক দ্বিতীয় পর্যায়ৰ ক’ভিড–১৯ টিকাকৰণ আৰম্ভ হয়৷ প্রথম দিনাই প্রধানমন্ত্রী মোদীকে ধৰি কেন্দ্রীয় মন্ত্রীসকলে ভেকচিন লয়৷ দ্বিতীয় দিনা ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে ভেকচিনৰ প্রথম ড’জ লয়৷