বিজনীত ভয়ংকৰ কাণ্ডঃ ধনৰ বাবে পত্নী–কন্যাক নৃশংস হত্যা
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তর্গত ১নং নাচনগুৰিত কালি পুৱা ৰহস্যজনকভাৱে মাতৃ আৰু ডেৰবছৰীয়া কণমানি কন্যা শিশুৰ মৃতদেহ নিজ গৃহত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷
মাৰখত আলীৰ (৩৫) পত্নী মঞ্জুৱাৰা খাতুনক (২৪) ৰহস্যজনকভাৱে শোৱনি কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে একেটা কোঠালিতেই ডেৰবছৰীয়া কন্যা শিশু মৰিয়ম খাতুনৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷
কিন্তু এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে বৰপেটা জিলাৰ কলহভাঙা নিৱাসী তথা মৃত মঞ্জুৱাৰা খাতুনৰ ককায়েক হুছেন আলীয়ে৷ ঘটনা সন্দর্ভত হুছেন আলীয়ে মাণিকপুৰ থানাৰ অন্তর্গত গেৰুকাবাৰী টহলদাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷
এজাহাৰত উল্লেখ কৰা অনুযায়ী ৫ বছৰমান পূর্বে ১নং নাচনগুৰিৰ মাৰখত আলীলৈ বিয়া হোৱা মঞ্জুৱাৰা খাতুনক দীর্ঘদিনৰে পৰা স্বামীগৃহই ধন দাবী কৰাৰ লগতে শাৰীৰিক নির্যাতন চলাই আহিছিল৷ তদুপৰি মঞ্জুৱাৰাক হত্যাৰ ভাবুকি দি স্বামীগৃহই তেওঁৰ পৰা ৪৫ হাজাৰ টকা আদায় কৰিছিল৷ ইফালে মাৰখত আলীৰ বাহিৰে স্বামীগৃহৰ পৰিয়ালৰ আটাইকেইজন লোক পলাতক হৈ আছে৷
হুছেন আলীসহ মঞ্জুৱাৰাৰ পৰিয়ালৰ লোকে গেৰুকাবাৰীৰ আৰক্ষীক বিষয়টো অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা সদৰ বঙাইগাঁৱলৈ প্রেৰণ কৰাৰ লগতে মাৰখতৰ ৩ বছৰীয়া পুত্র মুনতাজ আলীক স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ প্রেৰণ কৰে৷
গেৰুকাবাৰীৰ আৰক্ষীয়ে মাৰখত আলীক সোধা–পোছাৰ বাবে গেৰুকাবাৰী টহলদাৰী আৰক্ষী চকীলৈ লৈ আহে৷ পাছত হুছেন আলীয়ে মাৰখত আলীসহ স্বামীগৃহৰ ৮জন লোকৰ বিৰুদ্ধে পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ তুলি গেৰুকাবাৰী টহলদাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে মাৰখত আলীক গ্রেপ্তাৰ কৰি এটা গোচৰ ৰুজু কৰে৷