নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এল’ন মাস্কতকৈও অধিক উপার্জন কৰিলে গৌতম আদানিয়ে

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ অন্যতম এমাজ’নৰ স্বত্বাধিকাৰী জেফ বেজ’ছ আৰু টেছলাৰ স্বত্বাধিকাৰী এল’ন মাস্কতকৈও চলিত বর্ষত অধিক উপার্জনকাৰী ব্যক্তি হিচাপে বিবেচিত হৈছে ভাৰতীয় ব্যৱসায়ী গৌতম আদানি৷ আদানি গ্রুপৰ অধ্যক্ষ গৌতম আদানিৰ মুঠ সম্পত্তিৰ পৰিমাণ চলিত বর্ষত ১৬.২ বিলিয়ন ডলাৰৰ পৰা ৫০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে৷ এই তথ্য প্রকাশ কৰিছে ব্লুমবার্গ বিলিয়নার্ছ ইনডেক্সে৷ তেওঁলোকে প্রকাশ কৰা অনুসৰি চলিত বর্ষত সম্পত্তি আহৰণৰ ক্ষেত্রত এল’ন মাস্ক আৰু জেফ বেজ’ছক অতিক্রম কৰিছে আদানিয়ে৷ মাস্কে চলিত বর্ষত বর্তমানলৈ মাত্র ১০.৩ বিলিয়ন ডলাৰ সম্পত্তি নতুনকৈ আহৰণ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে বেজ’ছৰ সম্পত্তি ৭.৫৯ বিলিয়ন হ্রাস পাইছে৷ ক’ভিড মহামাৰীৰ সময়তে এই সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে গৌতম আদানিৰ৷ ইয়াৰ লগে লগে বর্তমান আদানি বিশ্বৰ ২৬সংখ্যক আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিণত হৈছে৷ আদানি গ্রুপে ইয়াৰ ব্যৱসায় অতি দ্রুতগতিৰে সম্প্রসাৰণ কৰিছে৷

You might also like