‘এক ৰাষ্ট্র, এক ৰেচন কার্ড’ৰ হিতাধিকাৰীৰ বাবে মুকলি এপ
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ ‘এক ৰাষ্ট্র, এক ৰেচন কার্ড’ৰ হিতাধিকাৰীসকলৰ বাবে আজি কেন্দ্রৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে মুকলি কৰিছে ‘মেৰা ৰেচন এপ’৷ নাগৰিকসকলৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখি এক ৰাষ্ট্র, এক ৰেচন কার্ড ব্যৱস্থা মুকলি কৰিছে চৰকাৰে৷ এয়া নাগৰিকৰ স্বার্থ সুৰক্ষিত এক সংস্কাৰ হিচাপে চিহ্ণিত হৈছে৷ উল্লেখনীয় যে ইয়াৰ জৰিয়তে ৰাষ্ট্রীয় খাদ্য নিৰাপত্তা আইনৰ অধীনত হিতাধিকাৰীসকলক ৰেচন প্রদান কৰা হ’ব৷ অন্য কল্যাণমূলক আঁচনিকো স্পর্শ কৰিব এই ব্যৱস্থাই৷ মেৰা ৰেচন এপৰ জৰিয়তে প্রব্রজিত শ্রমিক তথা তেওঁলোকৰ পৰিয়ালেও দেশজুৰি সুলভ মূল্যৰ দোকানৰ পৰা লাভ কৰিব ৰেচন৷ বর্তমান এই এপটো ইংৰাজী আৰু হিন্দী ভাষাত মুকলি কৰা হৈছে৷ আগন্তুক সময়ত অন্যান্য ভাষাৰ সুযোগ থাকিব এই এপটোত৷ মুঠ ১৪টা ভাষাত এপটো কার্যক্ষম হ’ব৷ এক ৰাষ্ট্র, এক ৰেচন কার্ড ব্যৱস্থাৰ জৰিয়তে দেশৰ দুখীয়া শ্রমজীৱী জনসাধাৰণক উপকৃত কৰাৰ চিন্তা–চর্চা চলোৱা হৈছে৷