পাক সেনাই ভাবুকি প্রদান কৰি আছে মৰিয়মক
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ পাকিস্তানৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী নৱাজ শ্বৰীফে শেহতীয়াকৈ অভিযোগ কৰিছে যে দেশখনৰ সামৰিক বাহিনীয়ে তেওঁৰ দুহিতা মৰিয়ম নৱাজক ভাবুকি প্রদান কৰি আছে৷ লণ্ডনত থকা পিএমএল–এনৰ মুৰব্বী নৱাজ শ্বৰীফে এক ভিডি’ বার্তা টুইটাৰত মুকলি কৰি দি উল্লেখ কৰিছে যে যদি মৰিয়ম নৱাজৰ ক্ষেত্রত কিবা নঘটিব লগা অঘটন ঘটে, তেন্তে তাৰ বাবে জগৰীয়া হ’ব সেনা জেনেৰেল কামাৰ জাভেদ বাজৱা, আইএছআই মুৰব্বী ফাইজ হামিদ আৰু প্রধানমন্ত্রী ইমৰান খান৷ নৱাজ শ্বৰীফৰ মতে সেনাৰ বিৰুদ্ধে মৰিয়মে যি সমালোচনা চলাই আছে, তাক বন্ধ নকৰিলে পৰিণতি বিষম হ’ব বুলি সেনাই ভাবুকি প্রদান কৰিছে৷ স্মর্তব্য যে ইয়াৰ পূর্বে কৰাচীত মৰিয়মে অতিথি হিচাপে থকা হোটেল এখনৰ কোঠাৰ দুৱাৰ ভাঙিছিল সেনাই৷