ফেচবুক প্ৰেমঃ প্রেমিকাক প্রতাৰণা কৰি কোকৰাঝাৰত জে’লত যুৱক
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ ফেচবুকৰ জৰিয়তে গঢ়ি উঠা সাত বছৰীয়া প্রেমৰ সম্পর্ক বিচ্ছিন্ন কৰি আত্মগোপন কৰা প্রমিকৰ বিৰুদ্ধে নিঃসহায় যুৱতী ছাত্রী এগৰাকীয়ে দিয়া গোচৰমর্মে অৱশেষত কনিষ্ঠ অভিযন্তা এগৰাকী জে’ললৈ যাবলগীয়া হয়৷ ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত ভণ্ড প্রতাৰক প্রেমিকৰ বিৰুদ্ধে এক গোচৰ ৰজু কৰা হৈছিল আৰু সেইমর্মে আজি আৰক্ষীয়ে প্রতাৰক আবিদুৰক আটক কৰি জে’ললৈ প্রেৰণ কৰে৷ উল্লেখ্য যে কোকৰাঝাৰ জিলা কৃষি বিভাগৰ প্রাক্তন কর্মচাৰীৰ কন্যা তথা স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ছাত্রী এগৰাকী বিগত ২০১৪ চনতে ধুবুৰী জিলাৰ চাপৰ কাজিপাৰা নিৱাসী মজিবুৰ ৰহমান শ্বেখৰ পুত্র আবিদুৰ ৰহমান শ্বেখৰ সৈতে ফেচবুকৰ জৰিয়তে চিনাকি হয়৷ পিছলৈ ধুবুৰী জিলাৰ বিলাসীপাৰা ব্লকত কনিষ্ঠ অভিযন্তা হিচাপে কর্মৰত আবিদুৰ ৰহমানে যুৱতীগৰাকীক প্রেমৰ প্রস্তাৱ আগবঢ়ায়৷ প্রথম অৱস্থাত যুৱতীগৰাকীয়ে পিতৃ–মাতৃৰ কথা ভাবি উক্ত প্রস্তাৱ গ্রহণ কৰিবলৈ অমান্তি হয়৷ পিছলৈ আবিদুৰে নেৰানেপেৰাকৈ লগাত এদিন যুৱতীগৰাকীয়ে আবিদুৰৰ প্রেমৰ প্রস্তাৱ গ্রহণ কৰিবলৈ বাধ্য হয়৷
সেইমর্মে দুয়োৰে মাজত গঢ়ি উঠা প্রেমৰ সম্পর্কৰ গইনা লৈ ২০১৫ চনৰ ১৭ জুলাইত আবিদুৰে প্রেয়সী যুৱতীগৰাকীৰ বৰপেটা চহৰত থকা ককাকৰ ঘৰত গৈ সাক্ষাৎ কৰে৷ পৰৱর্তী সময়ত কেতিয়াবা বাহিৰৰ বিভিন্ন স্থানত আৰু কেতিয়াবা যুৱতীগৰাকীৰ ঘৰত দুয়ো লগ হ’বলৈ ধৰে আৰু দুয়োৰে মাজত শাৰীৰিক সম্পর্ক স্থাপন হয়৷ দুয়োৰে এই অবাধ মিলামিছাত যুৱতীগৰাকীৰ পিতৃয়ে ভৱিষ্যৎ আশংকা কৰি কন্যাক সকীয়াই দিয়ে আৰু আবিদুৰকো এনেদৰে প্রেমৰ সম্পর্ক বর্তাই নাৰাখি বিয়া কৰাবলৈ অনুৰোধ জনায়৷ তেতিয়া আবিদুৰে ঘৰত জ্যেষ্ঠ ভাতৃ অবিবাহিত হৈ আছে গতিকে তেওঁৰ বিবাহ সম্পন্ন নোহোৱালৈ তেওঁ বিয়া কৰিব নোৱাৰে বুলি জনায়৷ এই কথাৰ পাছত যুৱতীগৰাকী আৰু আবিদুৰৰ মাজত মতানৈক্য হয় আৰু কিছুদিনলৈ তেওঁলোকৰ সম্পর্কত ফাট মেলে৷ কিন্তু আবিদুৰৰ প্রচেষ্টাত সম্পর্কটো পুনৰ আৰম্ভ হয় আৰু যুৱতীগৰাকীৰ লগত সম্পর্ক বজাই ৰাখিবলৈ ২০১৬ চনৰ ৬ মে’ত কোকৰাঝাৰ আদালতত বিবাহৰ এগ্রিমেণ্ট কৰে৷ উক্ত এগ্রিমেণ্ট অনুসৰি আগন্তুক ২ বছৰৰ ভিতৰত আবিদুৰে যুৱতীগৰাকীক চৰিয়ত প্রথাৰে বিবাহ কৰাব লাগিব৷
কিন্তু দুৰাৰোগ্য কর্কট ৰোগত আক্রান্ত যুৱতীগৰাকীৰ পিতৃ পৰিয়ালে জনা নাছিল যে এয়াও আবিদুৰৰ এক চূডান্ত প্রতাৰণাৰ বাহিৰে আন একো নাছিল৷ আনকি আবিদুৰে নিজৰ পিতৃ পৰিয়ালকো এই বিষয়ে জ্ঞাত কৰা নাছিল৷ কিন্তু তিনি মাহমান পাছত তেওঁলোকে এই বিষয়ে জানিব পাৰি প্রথম অৱস্থাত যুৱতীগৰাকীক বোৱাৰী হিচাপে মানি ল’বলৈ অমান্তি হয়৷ অৱশ্যে পাছত দুয়োঘৰৰ মাজত এটা সুসম্পর্ক গঢ়ি উঠে৷ দুয়ো ঘৰৰ মাজত আহ–যাহো চলে৷ অভিযোগ মতে ইয়াৰ মাজতে ২০১৯ চনত যুৱতীগৰাকী এপ্রিল আৰু অক্টোবৰ মাহত দুবাৰকৈ অন্তঃসত্ত্বা হয়৷ কিন্তু আবিদুৰৰ মাতৃ, ডাঙৰ ককায়েক সকলোৱে মিলি টেবলেট খুৱাই গর্ভ নষ্ট কৰিবলৈ বাধ্য কৰায়৷ তেওঁলোকৰ নির্দেশ অনুসৰি দুর্ভগীয়া যুৱতীগৰাকীয়ে ঔষধ সেৱন কৰাৰ পৰা গর্ভ নষ্ট হৈ ৰক্তস্রাৱ হোৱাৰ প্রমাণ হিচাপে ভিডি’ আৰু ফটো প্রেৰণ কৰিবলগীয়া হৈছিল৷ অন্যথা তেওঁলোকে তাইক বোৱাৰী কৰি নিনিয়ে বুলি সকীয়নি দিছিল৷
ইতিমধ্যে যুৱতীগৰাকীৰ পিতৃয়ে বুজি পাইছিল তেওঁৰ কন্যা যে পাক্চক্রত বন্দী হৈছে৷ সেয়ে তেওঁ আবিদুৰক বাৰম্বাৰ তেওঁৰ কন্যাক বিয়া কৰাবলৈ অনুৰোধ কৰি হতাশ হৈ পৰে আৰু অকাল মৃত্যুক সাবটি লয়৷ এনেকৈ আবিদুৰে সম্পর্ক স্থাপন কৰি থকাৰ মাজতে ২০২০ৰ নৱেম্বৰ মাহত আবিদুৰৰ ডাঙৰ ককায়েকৰ বিয়া হয়৷ কিন্তু ইয়াৰ পাছতো আবিদুৰৰ প্রেয়সী যুৱতী আৰু মাতৃয়ে আবিদুৰ আৰু তেওঁৰ পৰিয়ালক বিয়াৰ বাবে অনুৰোধ জনায়৷ কিন্তু তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰাৰ পৰিৱর্তে তেওঁলোকৰ অসহায় অৱস্থাৰ সুযোগ লৈ যুৱতীগৰাকী চৰিত্রহীন, পূর্বে বিবাহিত, আঠ বছৰীয়া সন্তানৰ মাতৃ বুলি বদনাম দিয়ে৷ আনকি ইয়াৰ মাজতে আবিদুৰে বিয়া কৰাম বুলি পতিয়ন নিয়াই ২৪ ফেব্রুৱাৰীৰ দিনাও যুৱতীগৰাকীক শাৰীৰিক সম্পর্ক কৰিবলৈ বাধ্য কৰায় আৰু পিছদিনাৰ পৰা ফোনৰ ছুইচ অফ কৰি থয়৷ এই ঘটনাত যুৱতীগৰাকীয়ে আৰু তেওঁৰ মাতৃয়ে অসহায় হৈ আবিদুৰৰ ঘৰৰ সৈতে যোগাযোগ কৰাত আবিদুৰৰ পিতৃ–মাতৃ, ককায়েক–বৌৱেক সকলোৱে মিলি নানা ধৰণৰ ভাবুকি প্রদান কৰি ফোন নকৰিবলৈ ধমকি দি অহাত উপায়হীন হৈ বিগত ৭ মার্চত কোকৰাঝাৰ থানাত গোচৰ ৰুজু কৰে৷ উল্লেখ্য যে কোকৰাঝাৰ আৰক্ষী বিভাগৰ তৎপৰতাত আজি প্রৱঞ্চক প্রেমিক আবিদুৰক আটক কৰি ৰঙাঘৰলৈ প্রেৰণ কৰে৷