নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমান যাত্ৰাৰ সময়ত এতিয়াৰ পৰা মানিব লাগিব এইসমূহ নিয়ম

আপুনি মাস্ক পিন্ধিব লাগিব। পালন কৰিব লাগিব ক’ৰোনা সতৰ্কতা নিয়ম। অন্যথা বিমান এৰাৰ পূৰ্বেই আপুনি বিমান ত্যাহ কৰিব লাগিব। শনিবাৰে ক’ৰোনাক উপেক্ষা কৰা যাত্ৰীসকলক এই কঠোৰ বাৰ্তা প্ৰেৰণ কৰে যাত্ৰীবাহি বিমান সেৱা নিয়ন্ত্ৰক ডিজিচিআইয়ে।

প্ৰসংগত, ক’ৰোনাৰ পুনৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰাত এই সিদ্ধান্ত লোৱা হৈছে। বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হৈছে ২৪,৮৮২জন। বিপৰীতে ক’ৰোনাত আক্ৰান্ত হৈ শুকুৰবাৰৰ পৰা শনিবাৰলৈ এটা দিনত মুঠ ১৪০ জন লোকে প্ৰাণ হেৰুৱাইছিল।

  • সকলো যাত্ৰীয়ে সঠিকভাৱে মাস্ক পিন্ধিব লাগিব। সামাজিক দূৰত্বৰ নিয়ম অনুসৰণ কৰাটো হ’ব বাধ্যতামূলক।
  • কৰ্তব্যৰত থকা আৰক্ষীকৰ্মী আৰু জোৱানসকলক কাকো মাস্ক অবিহনে বিমানবন্দৰৰ চৌহদত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত তীব্ৰ নিৰীক্ষণ ৰাখিবলৈ কোৱা হৈছে।
  • প্ৰতিজন যাত্ৰীয়ে নিয়মাৱলী সঠিকভাৱে পালন কৰি আছে নে নাই তাৰ ওপৰত চকু ৰখাটো বিমানবন্দৰৰ টাৰ্মিনেল মেনেজাৰৰ দায়িত্ব। যদি এজন যাত্ৰীয়ে নিয়মবোৰ অনুসৰণ নকৰে, তেওঁ সতৰ্কবাণী শুনাব লাগিব আৰু ইয়াক নিৰাপত্তাৰক্ষীৰ হাতত হস্তান্তৰ কৰিব লাগিব।
  • বাৰে বাৰে অনুৰোধ কৰা স্বত্বেও যদি কোনো যাত্ৰীয়ে ক’ৰোনা বিধি পালন কৰিবলৈ অস্বীকাৰ কৰে বা বিমানত মাস্ক নিপিন্ধে তেন্তে তেওঁৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিমান এৰাৰ পূৰ্বে প্ৰয়োজন হ’লে তেওঁক নমাই দিয়াৰো নিৰ্দেশ দিয়া হৈছে।

You might also like