আজি অসমত অমিত শ্বাহ, ৰাজনাথ সিঙৰ বিশাল জনসভা
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ মিছন ১০০+ৰ লক্ষ্যৰে মিত্রজোঁটৰ নেতৃত্ব বহনকাৰী বিজেপিয়ে নির্বাচনী প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ শুকুৰবাৰে কেন্দ্রীয় বস্ত্রশিল্পমন্ত্রী স্মৃতি ইৰাণীয়ে মৰিয়নি, শিৱসাগৰ আৰু চামগুৰিত দলীয় প্রার্থীৰ হৈ প্রচাৰ চলোৱাৰ পাছত আজি অসমত উপস্থিত হ’ব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷
ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে পোনে পোনে তেজপুৰত উপস্থিত হ’ব৷ তাৰ পৰা তেওঁ হেলিকপ্টাৰযোগে বিশ্বনাথত উপস্থিত হৈ দলীয় প্রার্থী প্রমোদ বৰঠাকুৰৰ হৈ অংশগ্রহণ কৰিব এখন নির্বাচনী সমাৱেশত৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে গহপুৰৰ বিজেপি প্রার্থী উৎপল বৰাৰ হৈ দফলাগড় চাহ বাগিচাত আৰু দেৰগাঁৱৰ অগপ প্রার্থী ভবেন ভৰালীৰ সমর্থনত আন দুখন জনসভা সম্বোধন কৰিব৷
সেইদৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মার্ঘেৰিটা আৰু নাজিৰাৰ বিজেপি প্রার্থী ক্রমে ভাস্কৰ শর্মা আৰু ময়ূৰ বৰগোহাঁইৰ হৈ নির্বাচনী প্রচাৰ চলাব৷
মন কৰিবলগীয়া যে আজি মার্ঘেৰিটা আৰু নাজিৰাৰ জনসভা সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগ অভিমুখে ৰাওনা হ’ব৷ পিছদিনা অর্থাৎ ১৫ মার্চত তেওঁ পুনৰ গুৱাহাটীলৈ আহি টাউন হলৰ এক কার্যসূচীত অংশগ্রহণ কৰিব৷
ইফালে অহা ১৫ মার্চত অসমত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ঢকুৱাখনাৰ দলীয় প্রার্থী নৱ কুমাৰ দলে, চতিয়াৰ পদ্ম হাজৰিকা আৰু বৰছলাৰ গণেশ কুমাৰ লিম্বুৰ হকে প্রচাৰ চলোৱাৰ বিপৰীতে মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে নাহৰকটকীয়াৰ তৰংগ গগৈ, দুলীয়াজানৰ তেৰছ গোৱালা আৰু ডিব্রুগড়ৰ দলীয় প্রার্থী প্রশান্ত ফুকনৰ হৈ প্রচাৰ চলাব৷
লক্ষণীয়ভাৱে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ এটা পষেকৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে অহা ১৮ মার্চত পুনৰ অসমলৈ আহিব৷ এই ভ্রমণসূচীৰ সময়ত তেওঁ মাজুলীৰ প্রার্থী মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু শদিয়াৰ প্রার্থী বলীন চেতিয়াৰ হৈ প্রচাৰ চলোৱাৰ উদ্দেশ্যে দুখনকৈ নির্বাচনী সমাৱেশত উপস্থিত থাকিব৷