নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ সমষ্টিত বিজেপিৰ প্রার্থী চূড়ান্ত দিছপুৰ–পলাশবাৰীত নতুন মুখৰ সম্ভাৱনাঃ আজি আনুষ্ঠানিক ঘোষণা

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ  ৰাজ্যৰ তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে শনিবাৰে নতুন দিল্লীত চূড়ান্ত হ’ল ৰাজ্যিক বিজেপিৰ অন্তিমখন প্রার্থী তালিকা৷ ১৯টা সমষ্টিৰ বাবে বিজেপিয়ে শনিবাৰে চূড়ান্ত কৰিলে প্রার্থীসকলৰ নাম৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত দলৰ কেন্দ্রীয় নির্বাচনী কমিটীৰ বৈঠকত সন্ধিয়াৰ ভাগত দলটোৱে তৃতীয়খন প্রার্থী তালিকা চূড়ান্ত কৰিলেও শনিবাৰে্ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পৰা বিৰত থাকে৷

উল্লেখ্য যে অহা ৬ এপ্রিলত অনুষ্ঠিত হ’ব তৃতীয় পর্যায়ৰ নির্বাচন৷ এই উদ্দেশ্যে অন্তিমখন প্রার্থী তালিকা চূড়ান্ত কৰাৰ বাবে কালিয়েই নতুন দিল্লীত উপস্থিত হৈছিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মাৰ লগতে ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয়পাণ্ডা৷ শনিবাৰে নতুন দিল্লীস্থিত মুখ্যমন্ত্রীৰ বাসগৃহত প্রার্থী তালিকা চূড়ান্ত কৰাৰ বাবে এক বৈঠক অনুষ্ঠিত হয়৷ মুখ্যতঃ ১৯টা সমষ্টিৰ বাবে কেন্দ্রীয় নির্বাচন কমিটীয়ে তালিকা চূড়ান্ত কৰাৰ পূর্বে ইয়াত থকা জটিলতাসমূহ আঁতৰ কৰাৰ বাবে অনুষ্ঠিত এই বৈঠকত ১৫টা সমষ্টিৰ প্রার্থিত্বৰ তালিকা প্রস্তুত কৰাৰ বিপৰীতে চাৰিটা সমষ্টিৰ ক্ষেত্রত থকা জটিলতা আঁতৰ কৰিবলৈ সক্ষম নহ’ল৷ পুনৰ পুৱা ১০.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত আন এক বৈঠক অনুষ্ঠিত হয়৷

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত থকা বৈঠকখনত ৰাজ্যিক বিজেপিৰ নেতৃত্বই ১৯জনীয়া তালিকা সন্দর্ভত বিস্তৃত আলোচনাত বহে৷ এই বৈঠকতে চাৰিটা সমষ্টিৰ ক্ষেত্রত থকা জটিলতা কিছু আঁতৰ কৰিবলৈ সক্ষম হয়৷ বিজেপিৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি পূব গুৱাহাটী, হাজো, পলাশবাৰী আৰু দিছপুৰ সমষ্টিক লৈ সৃষ্টি হোৱা জটিলতাৰ সমাধান সূত্র উলিয়াই পূব গুৱাহাটী আৰু হাজো সমষ্টিত বর্তমানৰ বিজেপিৰ বিধায়ককে প্রার্থিত্ব দিয়াৰ সিদ্ধান্ত লোৱা হয়৷

আনহাতে, পলাশবাৰী আৰু দিছপুৰ সমষ্টিৰ প্রার্থিত্বৰ ক্ষেত্রত চূড়ান্ত সিদ্ধান্ত লোৱাৰ দায়িত্ব কেন্দ্রীয় নির্বাচনী কমিটীলৈ প্রেৰণ কৰা হয়৷ এই বৈঠকৰ পাছতে অসমৰ নির্বাচনী তত্ত্বাৱধায়ক নৰেন্দ্র সিং টোমৰ, সহঃ নির্বাচনী তত্ত্বাৱধায়ক জিতেন্দ্র সিং, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক লৈ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই আন এক বৈঠক অনুষ্ঠিত কৰে৷ লক্ষণীয়ভাৱে এই বৈঠকত উপস্থিত নাথাকিল ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা৷

বিজেপিৰ শীর্ষ সূত্রটোৱে প্রকাশ কৰা অনুসৰি নির্বাচনী ৰণকৌশল প্রস্তুত কৰাৰ লক্ষ্যৰে টোমৰ আৰু জিতেন্দ্র সিঙৰ উপস্থিত অনুষ্ঠিত বৈঠকত নির্বাচনৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে নির্বাচনত মুখ্যতঃ কোনবোৰ বিষয়ক দলে অধিক প্রাধান্য দিব সেয়াও আলোচনা হয়৷ দুপৰীয়া ২.৩০ বজালৈ চলা এই বৈঠকত সমষ্টিভেদে নির্বাচনী ইছ্যু তথা বিষয়সমূহ বেলেগ বেলেগ কৰাৰ ক্ষেত্রতো এলানি ৰণকৌশল প্রস্তুত কৰা হয়৷

ইফালে, সন্ধিয়া অনুষ্ঠিত কেন্দ্রীয় নির্বাচনী কমিটীৰ বৈঠকত পলাশবাৰী আৰু দিছপুৰ সমষ্টিৰ ক্ষেত্রতো এক চূড়ান্ত সিদ্ধান্তত উপনীত হয় বিজেপি৷ এই দুয়োটা সমষ্টিতে বিজেপিয়ে নতুন মুখ প্রক্ষেপ কৰাৰ চিন্তা–চর্চা কৰা বুলি সূত্রটোৱে জানিবলৈ দিছে৷ এনে ক্ষেত্রত দিছপুৰ সমষ্টিৰ বর্তমানৰ বিধায়ক অতুল বৰা আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক প্রণৱ কলিতাৰ প্রার্থিত্ব কর্তনৰ সম্ভাৱনা আছে৷ বিজেপিৰ সূত্রটোৱে প্রকাশ কৰা অনুসৰি শনিবাৰে চূড়ান্ত কৰা ১৯টা সমষ্টিৰ অধিকাংশতে মুখ্যতঃ ছিটিং–গেটিং নীতি অৱলম্বন কৰা হৈছে৷

ইফালে, শনিবাৰে চূড়ান্ত কৰা প্রার্থী তালিকাক লৈ ৰাজ্যিক বিজেপিত যথেষ্ট উৎকণ্ঠাই বিৰাজ কৰে৷ এনে উৎকণ্ঠাৰ মাজতে ৰাষ্ট্রীয় নেতৃত্বই তৃতীয়খন তালিকা কাইলৈ প্রকাশ কৰিব বুলিহে ঘোষণা কৰিছে৷

You might also like