পল্টনবজাৰত এনচিচিৰ চাফাই অভিযান
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা বর্ষপূর্তিৰ সৈতে সংগতি ৰাখি ৰাষ্ট্রীয় শিক্ষার্থী বাহিনীৰ (এনচিচি) গুৱাহাটীস্থিত গ্রুপ কার্যালয়ৰ তত্ত্বাৱধানত ১২ মার্চৰ পৰা গুৱাহাটীত থকা মহান ব্যক্তিসকলৰ প্রতিমূর্তিসহ চৌহদসমূহত এক চাফাই অভিযান কার্যসূচী আৰম্ভ কৰা হৈছে৷
এনচিচিৰ গুৱাহাটীৰ গ্রুপ কমাণ্ডাৰ ব্রিগেডিয়াৰ জে চি তালুকদাৰৰ পর্যবেক্ষণত অনুষ্ঠিত কার্যসূচীত ৪৮ আছাম নেভেল এনচিচি ইউনিটৰ কমাণ্ডিং অফিচাৰ কেপ্ঢেইন এল ডি শর্মা, প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্ত উপস্থিত থাকি কেডেটসকলক উৎসাহিত কৰে৷ অভিযানত নেপালী মন্দিৰত থকা নেতাজী সুভাষ চন্দ্র বসু, চানমাৰিত থকা মহাত্মা গান্ধীৰ প্রতিমূর্তিসহ চৌহদটোত কেডেটৰ দলে চাফ–চিকুণ কৰে৷ অভিযানত ৭৫জনতকৈ অধিক কেডেটে ভাগ লয়৷