নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ বিভিন্ন সময়ত বিতর্কিত মন্তব্য কৰি অহা বিজেপিৰ বিধায়ক তথা সাংসদে এইবাৰ তাজমহলক লৈ উদ্ভট মন্তব্য কৰিবলৈ লৈছে৷ শেহতীয়াকৈ উত্তৰ প্রদেশৰ বালিয়াৰ বাইৰিয়া সমষ্টিত বিজেপি বিধায়ক সুৰেন্দ্র সিঙে মন্তব্য কৰিছে যে তাজমহলৰ নাম শীঘ্রেই ৰাম মহল ৰখা হ’ব৷
বিধায়কগৰাকীৰ মতে তাজমহল পূর্বতে এটা শিৱ মন্দিৰহে আছিল৷ গতিকে যোগী আদিত্য নাথ প্রশাসনে শীঘ্রে তাজমহলৰ নাম ৰাম মহললৈ সলনি কৰিব বুলি উল্লেখ কৰিছে বিধায়কগৰাকীয়ে৷ কালি সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত সুৰেন্দ্র সিঙে উল্লেখ কৰা অনুসৰি তাজমহলত ভগৱান শিৱক পূজা–র্চনা কৰা হৈছিল৷
লক্ষণীয়ভাৱে ইয়াৰ পূর্বে মুখ্যমন্ত্রী যোগী আদিত্যনাথক শিৱাজীৰ বংশধৰ বুলিও উল্লেখ কৰিছিল বিধায়কগৰাকীয়ে৷ সুৰেন্দ্র সিঙৰ মতে সমার্থ গুৰু ৰাম দাসে শিৱাজীক ভাৰতক দিছিল৷ সেইদৰে গোৰখ নাথজীয়ে যোগী আদিত্যনাথক উত্তৰ প্রদেশৰ বাবে দিয়া বুলিও দাবী কৰে বিধায়কগৰাকীয়ে৷