ব্যক্তিগতকৰণৰ বিৰোধিতাত প্রতিবাদঃ দুদিনীয়া ধর্মঘটত দেশজুৰি স্তব্ধ হ’ল বেংক সেৱা
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ ৰাজহুৱা খণ্ডৰ বেংকক ব্যক্তিগতকৰণৰ বিৰুদ্ধে বেংক সংগঠনসমূহে দুদিনীয়া কার্যসূচীৰে ৰূপায়ণ কৰা ধর্মঘটৰ ফলত আজি দেশজোৰা বেংক সেৱাত ব্যাঘাত জন্মে৷ দেশজুৰি সকলো ৰাজহুৱা খণ্ডৰ বেংকৰ শাখাৰ ১০ লক্ষাধিক কর্মচাৰী–বিষয়াই ধর্মঘটত অংশগ্রহণ কৰাত চেকৰ আদায় আৰু চৰকাৰী লেনদেনত ব্যাপক প্রভাৱ পৰে৷ কাইলৈ দ্বিতীয় দিনাও দেশজুৰি বেংকসমূহত একেই প্রভাৱ পৰিব৷ দেশৰ নটা বেংক সংগঠনৰ উমৈহতীয়া মঞ্চ ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নছ, চমুকৈ ইউ এফ বি ইউয়ে জনোৱা ১৫ আৰু ১৬ মার্চৰ দুদিনীয়া ধর্মঘটত সকলো ৰাজহুৱা খণ্ডৰ বেংকৰ কর্মচাৰীয়ে অংশগ্রহণ কৰে যদিও ব্যক্তিগত খণ্ডৰ বেংক আই চি আই চি আই বেংক, এইচ ডি এফ চি আৰু এক্সিছ বেংক খোলা থাকে৷ এই ব্যক্তিগত খণ্ডৰ বেংকে ধর্মঘটত অংশগ্রহণ কৰা নাই৷ উল্লেখ্য যে যোৱা মাহত কেন্দ্রীয় চৰকাৰৰ বাজেটত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে চৰকাৰৰ নিধি নিয়োগ পৰিকল্পনাৰ অধীনত দুটাকৈ ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷
সোমবাৰৰ এই ধর্মঘটৰ ফলত ষ্টক মার্কেটতো প্রভাৱ পৰিছে৷ এল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ’চিয়েচন’ৰ (অ’ আই বি ই এ) সাধাৰণ সম্পাদক চি এইচ ডেংকটাচালমে প্রকাশ কৰা মতে সমগ্র দেশতে বেংক সেৱাত ব্যাঘাত জন্মিছে৷ এই ধর্মঘটত অংশ লৈছে অল ইণ্ডিয়া বেংক অফিচার্ছ কনফেডাৰেচন, নেচনেল কনফেডাৰেচন অৱ বেংক এমপ্লয়িজ, অল ইণ্ডিয়া বেংক অফিচার্ছ এছ’চিয়েচন, বেংক এমপ্লয়িজ কনফেডাৰেচন অৱ ইণ্ডিয়া, ইণ্ডিয়া নেচনেল বেংক এমপ্লয়িজ ফেডাৰেচন, ইণ্ডিয়ান বেংক অফিচার্ছ কংগ্রেছ, নেচনেল অর্গেনাইজেচন অৱ বেংক ৱর্কার্ছ আৰু নেচনেল অর্গেনাইজেচন অৱ বেংক অফিচার্ছ৷ উল্লেখ্য যে এছ বি আইকে ধৰি ৰাজহুৱা খণ্ডৰ বেংকৰ সেৱাত ব্যাঘাত জন্মিলেও এ টি এম সেৱা, ডিজিটেল লেনদেন চলি আছে৷
অসমতো অচল বেংকৰ স্বাভাৱিক কাম–কাজ
কেন্দ্রীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে সোমবাৰৰ পৰা দেশজুৰি আহ্বান জনোৱা দুদিনীয়া ধর্মঘটৰ ফলত অসমতো আজি বেংকৰ কাম–কাজ স্তব্ধ হৈ পৰে৷ এই প্রতিবাদী কার্যসূচীত প্রায় দহ লাখ বেংক কর্মচাৰীয়ে অংশগ্রহণ কৰি ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণৰ তীব্র বিৰোধিতা কৰে৷ প্রতিবাদকাৰীসকলে কেন্দ্রীয় চৰকাৰৰ বেংক ব্যক্তিগতকৰণৰ সিদ্ধান্তক হঠকাৰী আখ্যা দি চৰকাৰবিৰোধী শ্লোগান দিয়ে৷ লগতে উক্ত সিদ্ধান্ত শীঘ্রে প্রত্যাহাৰ কৰিবলৈ দাবী জনায়৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে গুৱাহাটীতো কেইবাসহস্র বেংক কর্মচাৰীয়ে ধর্মঘটত অংশগ্রহণ কৰি বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটীৰ পাণবজাৰস্থিত পঞ্জাব নেচনেল বেংকৰ সন্মুখত কর্মচাৰীসকলে ধর্মঘট পালন কৰে৷ এই ধর্মঘট কার্যসূচীত চিআইটিইউকে ধৰি কেন্দ্রীয় ট্রেড ইউনিয়নসমূহৰ কর্মকর্তাসকলেও প্রবল প্রতিবাদ সাব্যস্ত কৰে৷
প্রতিবাদস্থলীত চিআইটিইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শর্মাই কয়– কেন্দ্রত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা দেশৰ অন্যতম প্রধান বিত্তীয় প্রতিষ্ঠান বেংকসমূহক ব্যক্তিগতকৰণ কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷ চৰকাৰৰ পৰোক্ষ হেঁচাত কর্প’ৰেট গোষ্ঠীসমূহক জধে–মধে লোন প্রদান কৰাৰ ফলত দেশৰ কেইবাটাও বেংক ইতিমধ্যে দেউলীয়া হৈছে৷ এতিয়া তেনে বেংকবোৰক বচাবলৈ গৈ চৰকাৰে বেংক একত্রীকৰণ কৰাৰ পদক্ষেপ লৈছে৷ পূর্বৰে পৰা কর্মচাৰীসকলে সন্দেহ কৰি অহাৰ দৰে বেংক একত্রীকৰণৰ আঁৰত থকা কেন্দ্রীয় চৰকাৰৰ ব্যক্তিগতকৰণৰ মূল উদ্দেশ্য স্পষ্ট হৈ পৰিছে৷ যোৱা বাজেটত কেন্দ্রীয় বিত্তমন্ত্রীয়ে চাৰিটাকৈ বেংক বেচৰকাৰীকৰণ কৰাৰ কথা ঘোষণা কৰিছে৷ পৰৱর্তী সময়ত বাকী থকা বেংকবোৰকো পর্যায়ক্রমে ব্যক্তিগতকৰণ কৰাৰ চৰকাৰী পৰিকল্পনা আছে বুলি তেওঁ জনাইছে৷ পৰিতাপৰ কথা যে কর্প’ৰেট গোষ্ঠীসমূহে দিবলগীয়া কেইবালক্ষ কোটি টকা আদায় কৰাৰ ক্ষেত্রত চৰকাৰে কোনো পদক্ষেপ লোৱা নাই৷ তেনে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ গৈ বেংকসমূহকে পুনৰ কর্প’ৰেট গোষ্ঠীৰ হাতত বিক্রী কৰিবলৈ লোৱা কার্যত জাঙুৰ খাই উঠিছে কর্মচাৰীসকল৷ একে সময়তে বি এছ এন এল, বীমাখণ্ড, তৈলখণ্ড, প্রতিৰক্ষা বিভাগ আদিকে ধৰি সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠান–প্রতিষ্ঠান এটাৰ পিছত এটাকৈ বিজেপি চৰকাৰখনে ব্যক্তিগতকৰণৰ তৎপৰতা চলাই থকা পৰিলক্ষিত হৈছে৷ বেংক খণ্ডকে ধৰি দেশৰ ৰাজহুৱা খণ্ডবোৰৰ ব্যক্তিগতকৰণ প্রক্রিয়াৰ ফলত তেনে প্রতিষ্ঠানত কর্মৰত শ্রমিক–কর্মচাৰীয়ে কর্মনিৰাপত্তাহীনতা সন্মুখীন হ’ব৷
চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক লৈ দেশৰ লক্ষ লক্ষ সংগঠিত–সংগঠিত তথা সাধাৰণ শ্রমজীৱী লোক ইয়াৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে৷ কিন্তু শ্রমিক–কর্মচাৰীসক্ ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন সংগঠিত কৰাৰ পিছতো বিজেপি চৰকাৰখনে কোনোধৰণৰ গুৰুত্ব প্রদান কৰা নাই৷ এনে অৱস্থাত শ্রমিক–কর্মচাৰীসক্ ব্যক্তিগতকৰণ প্রক্রিয়াৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তোলাৰ লগতে নির্বাচনত ৰাজহুৱা খণ্ডবিৰোধী বিজেপি চৰকাৰক পৰাস্ত কৰাৰ গত্যন্তৰ নাই বুলি জনায়৷ উল্লেখ্য যে ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে ৰাজহুৱা খণ্ডৰ বেংক ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি ধর্মঘট কার্যসূচীৰ আহ্বান জনোৱাৰ ফলত আজিৰ উপৰি কাইলৈও দেশৰ বেংক সেৱা বন্ধ থাকিব৷