নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেলেৰ সর্বাধিক গ’লৰ অভিলেখ ভংগ ৰ’নাল্ডোৰ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ পর্তুগালৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে দেওবাৰে নিশা ইটালীয়ান লীগ ছিৰি এত কাগলিয়াৰিৰ বিপক্ষে হেটট্রিক অর্জন কৰে৷ মেচখনত হেটট্রিক অর্জন কৰাৰ লগে লগে জুভেণ্টাছৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে কিংবদন্তি খেলুৱৈ ব্রাজিলৰ পেলেৰ সর্বাধিক গ’লৰ অভিলেখটো ভংগ কৰে৷ ৰ’নাল্ডোৱে এতিয়ালৈকে ৭৭০টা গ’ল কৰিবলৈ সক্ষম হৈছে৷ বিপৰীতে কিংবদন্তি পেলেই ৭৬৭টা স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল৷ পেলেৰ অভিলেখটো ভংগ কৰি ৰ’নাল্ডোৱে কয় যে পেলেতকৈ কোনো ডাঙৰ খেলুৱৈ নাই৷ তেওঁৰ অভিলেখ ভংগ কৰাটো এক সন্মানৰ কথা৷ ইপিনে, ৰ’নাল্ডোৱে তেওঁৰ অভিলেখটো ভংগ কৰাৰ লগে লগে পেলেই পর্তুগালৰ খেলুৱৈগৰাকীক অভিনন্দন জনায়৷ যোৱানিশা কাগলিয়াৰিত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত জুভেণ্টাছে ৰ’নাল্ডোৰ হেটট্রিকৰ সহায়ত ঘৰুৱা দল কাগলিয়াৰিক ৩–১ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷ ১০, ২৫ আৰু ৩২ মিনিটত ৰ’নাল্ডোৱে গ’ল স্ক’ৰ কৰি হেটট্রিক অর্জন কৰে৷ ইপিনে, ৬১ মিনিটত কাগলিয়াৰিয়ে গ’ল স্ক’ৰ কৰি মেচখনত পৰাজয়ৰ ব্যৱধান ৩–১লৈ হ্রাস কৰে৷ জুভেণ্টাছে এতিয়ালৈকে ২৬খন মেচৰ পৰা ৫৫ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে৷

You might also like