নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰম্ভণিৰ এবছৰেও সম্পূর্ণ নহ’ল চন্দ্রপুৰৰ নির্মীয়মাণ পথ

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ চন্দ্রপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত চন্দ্রপুৰ গাঁও পঞ্চায়তৰ ৫নং ৱার্ডত এটা পথ নির্মাণক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে স্থানীয় ৰাইজে৷ জানিব পৰা মতে উক্ত ৱার্ডটোত বিগত এবছৰতকৈ অধিক কাল ধৰি অর্ধনির্মিত অৱস্থাত পৰি আছে এটা পথ৷ যাৰ ফলত যাতায়াতৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসী৷ তথ্য অনুসৰি চতুদর্শ বিত্তীয় আয়োগৰ ১০ লাখ টকা ব্যয়েৰে ৱার্ডটোৰ অৰণ্যনগৰ অঞ্চলৰ ১৫০ মিটাৰ দৈর্ঘ্যৰ পথছোৱাত পি বি চি ব্লক স্থাপনৰ আঁচনি গ্রহণ কৰে গাঁও পঞ্চায়তে৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ২০১৯ চনতে ডিচেম্বৰ মাহতে পথটোৰ উন্নয়নৰ কাম আৰম্ভ কৰে৷ কিন্তু ঠিকাদাৰৰ চৰম হেমাহিৰ বাবে এবছৰ কাল অতিক্রম কৰাৰ পিছতো এইপর্যন্ত অর্ধেক অংশই সম্পূর্ণ হৈ উঠা নাই৷ ১৫০ মিটাৰ দৈর্ঘ্যৰ পথটো তিনি মিটাৰ বহল হোৱাৰ উপৰি দুটা কালভার্টৰ ব্যৱস্থা আছে আঁচনিখনত৷ ঠাই বিশেষে বহু স্থানত বহল তিনি মিটাৰতকৈ কম হোৱাৰ বিপৰীতে কালভার্ট দুটাৰ দৈর্ঘ্য চাৰি মিটাৰ আৰু প্রস্থ চাৰে তিনিফুট হ’ব লাগে যদিও নির্দ্দিষ্ট জোখতকৈ বহু কমকৈ নির্মাণ কৰিছে ঠিকাদাৰগৰাকীয়ে৷ ব্লক স্থাপনৰ পূর্বে তিনি ইঞ্চি ডাঠকৈ মেটেলৰ ব্যৱস্থা কৰিব লাগে যদিও ঠাই বিশেষে বহু কম পৰিমাণে মেটেলিং কৰি শেহতীয়াকৈ কেইদিনমান পূর্বে মাত্র ৫ মিটাৰ অংশ ব্লক স্থাপন কৰিছে ঠিকাদাৰগৰাকীয়ে৷ বাকী আশী শতাংশ কাম বিগত এবছৰে কৰিবলৈ আহৰি নাপালে ঠিকাদাৰগৰাকীয়ে৷

আনহাতে, আবণ্টিত ধনৰ ৫০ শতাংশতকৈ অধিক ইতিমধ্যে মুকলি কৰি দিছে পঞ্চায়ত কর্তৃপক্ষই৷ আশ্চর্যকৰ কথা যে ২০ৰ পৰা ২৫ শতাংশ কাম কৰাৰ পিছতে আধাতকৈ বেছি পৰিমাণৰ ধন মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে৷

You might also like