নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিৰ বিষয়াৰ বিৰুদ্ধে সাংবাদিকক দুর্ব্যৱহাৰৰ অভিযোগ

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ সৰুসজাইৰ যতীন তামুলী পথৰ কাষত প্রগতি পথৰ ২নং উপপথটো নির্মাণত হোৱা দুর্নীতি সন্দর্ভত সংবাদ সংগ্রহ কৰিবলৈ যোৱা সাংবাদিকক গুৱাহাটী পৌৰ নিগমৰ এগৰাকী দায়িত্বশীল বিষয়াই দুর্ব্যৱহাৰৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

পথটো নির্মাণত দুর্নীতি হোৱাৰ অভিযোগৰ ভিত্তিত বাতৰি সংগ্রহ কৰিবলৈ দৈনিক অসমৰ লখৰাস্থিত সংবাদদাতা নীহাৰিকা গোস্বামীয়ে পৌৰ নিগমৰ এগৰাকী দায়িত্বশীল বিষয়া সীমান্ত জ্যোতি বৰুৱাৰ সৈতে যোগাযোগ কৰে৷পাছত সাংবাদিকগৰাকীক বিষয়াগৰাকীয়েভব্য আচৰণৰ কৰে৷

You might also like