নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইভিএমৰ ‘ন’টা’ত অধিক ভোট সাব্যস্ত হ’লে কি হ’বঃ নির্বাচন আয়োগ–কেন্দ্রক মতামত জনোৱাৰ নির্দেশ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ নির্বাচনত ই ভি এমত ‘ন’টা’ বুটামত আটাইতকৈ বেছি ভোট পৰিলে সেই নির্বাচন বর্জন কৰি পুনৰ নতুনকৈ নির্বাচন অনুষ্ঠিত কৰিব লাগে বুলি আয়োগক নির্দেশ দিয়াৰ দাবীৰে উচ্চতম ন্যায়ালয়ত দাখিল হৈছে এক আবেদন৷ এই আবেদনৰ শুনানি গ্রহণ কৰি দেশৰ শীর্ষ আদালতখনে কেন্দ্রীয় চৰকাৰ আৰু নির্বাচন আয়োগৰ মতামত বিচাৰিছে৷

স্মর্তব্য যে ২০১৩ৰ ছত্তিশগড়, মিজোৰাম, ৰাজস্থান আৰু মধ্য প্রদেশৰ বিধানসভা নির্বাচনত ই ভি এমত প্রথম ন’টা বুটাম ৰখাৰ ব্যৱস্থা কৰা হৈছিল৷ কিন্তু এই বুটামত পছন্দৰ প্রার্থী নাথাকিলে ভোটদান কৰিলেও ইয়াক গণনাৰ সময়ত কোনোধৰণৰ গুৰুত্ব প্রদান কৰা নহয়৷ আজি শীর্ষ আদালতখনৰ মুখ্য ন্যায়াধীশ এছ এ ব’বদে নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে কেন্দ্রীয় চৰকাৰ আৰু নির্বাচন আয়োগক শীঘ্রে মতামত জনোৱাৰ নির্দেশ দিছে৷

You might also like