তেজপুৰ জোকাৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশাল পদযাত্রা
নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ মঙলবাৰে কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা তেজপুৰত আহি ডপস্থিত হোৱাৰ পিছত তেজপুৰৰ কলেজিয়েট ডচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা সমগ্র তেজপুৰ চহৰ খোজকাঢ়ি পৰিক্রমণ কৰাৰ সময়ত হাজাৰ হাজাৰ বিজেপি আৰু অগপ সমর্থকে সংগদান কৰাৰ ফলত প্রায় এঘণ্টা ধৰি তেজপুৰ চহৰ যেন একপ্রকাৰ স্তব্ধ হৈ পৰে৷ প্রার্থী পৃথ্বিৰাজ ৰাভাক লগত লৈ কৰা এহ দীঘলীয়া পদযাত্রাৰ সময়ত তেজপুৰৰ বিভিন্ন শ্রেণীৰ লোকে ডষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়৷ হাজাৰ হাজাৰ সমর্থকে সংগ দিয়া এহ পদযাত্রাৰ পিছত তেজপুৰ চহৰৰ পার্কিং স্থানত ৰাহজক সম্বোধন কৰি ড০ হিমন্ত বিশ্ব শর্মাহ কয়– অসমৰ ৰাজনীতি লুঙী, সূতা, কম্বলৰ ৰাজনীতি হ’ব নালাগে বিকাশৰ ৰাজনীতি হ’ব লাগে৷ আমি অসমৰ অর্থনীতিত কেতিয়াও নোহোৱা আঁচনি গ্রহণ কৰিছোঁ৷
বগীবিলৰ পৰা ধলা–শদিয়ালৈকে চকুত লগা পৰিৱর্তন হৈছে৷ তেজপুৰৰ লোকক প্রতিশ্রুতি দিছোঁ এক লাখ নিবনুৱাক আমি সংস্থাপিত কৰিম৷ আমাৰ চৰকাৰৰ পাঁচটা বছৰৰ নতুন আঁচনিয়ে নতুন জীৱন দিবলৈ সক্ষম হ’ম৷ তেজপুৰক আমি নকৈ সজাম৷ মিছন চাৰিআলিত অচিৰেহ নির্মাণৰ কাম আৰম্ভ হ’ব উৰণীয়া সেতুৰ৷ আজি কংগ্রেছ বুলি অসমত কোনো দল নাই৷ একমাত্র আজমলৰ নির্দেশত পৰিচালিত হৈছে এই কংগ্রেছ দল৷ কংগ্রেছৰ চৰকাৰ আহিলে মাতৃসকলৰ কাম একমাত্র সন্তান জন্ম দিয়াহ কাম হ’ব নেকি? কিয়নো বদৰুদ্দিন আজমলে কোনো সভাত সন্তান জন্ম দিয়াৰ ওপৰত সংখ্যালঘু লোকসকলক আহ্বান জনাইছিল৷ আজমল যাতে অসমৰ মুখ্যমন্ত্রী নহয় সেহ বার্তা তেজপুৰৰ পৰাহ যাব লাগিব৷ নতুন নতুন আজমলে বৰদোৱা দখল কৰিবলৈ এৰি দিব আমি নোৱাৰোঁ৷ তেজপুৰক কেতিয়াও পাঁচমাহলৰ পৰা নিয়ন্ত্রণ হ’বলৈ আমি নিদিওঁ৷ পাঁচমাহল তেজপুৰৰ পৰা নিয়ন্ত্রিত হ’ব লাগিব৷ বিকাশ আৰু স্বচ্ছতাৰ এক অনিৰুদ্ধ যাত্রা আমি আৰম্ভ কৰিছোঁ৷ তেজপুৰবাসীৰ সঁহাৰিয়ে প্রতিপন্ন কৰিছে পৃথ্বিৰাজ ৰাভা বিপুল ভোটত জয়লাভ কৰাটো নিশ্চিত৷ বিশাল সভাখনৰ আঁত ধৰে সাংসদ সাংসদ পল্লৱলোচন দাসে৷ আনহাতে অগপ–বিজেপিৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে ছত্তিশগডৰ পৰা অহা এগৰাকী কেন্দ্রীয় বিজেপিৰ নেতাৰ ডপস্থিতিত অনুষ্ঠিত এই নির্বাচনী সভাতে কংগ্রেছ দলৰ শোণিতপুৰ জিলাৰ প্রাক্তন সম্পাদক, দক্ষ সাংসৃকতিক কম্ বিকাশজ্যোতি কলিতাৰ লগতে কেইবাগৰাকীও কংগ্রেছ আৰু অগপ কম্য়ে বিজেপিত যোগদান কৰে৷
বিশ্বনাথত বিশাল নির্বাচনী ৰেলী মন্ত্রী ড০ শর্মাৰ
শাৰীৰিকভাৱে নহয়, ৰাজনৈতিকভাৱে গঁতিয়াই গঁতিয়াই খেদি পঠিয়াব লাগিব বদৰুদ্দিন আজমলক৷ লাচিত আৰু চিলাৰায়ক তেওঁলোকে ‘মডিফাই’ কৰি চিৰাজুদ্দিন আৰু বদৰুদ্দিন আজমল কৰি দিলে৷ আজি এনেদৰেই কংগ্রেছৰ বিৰুদ্ধে তীব্র কটাক্ষ কৰি বিশাল বাইক ৰেলীৰে বিশ্বনাথৰ ৰাজপথ বিজেপিময় কৰি তুলিলে ৰাজ্যৰ জ্যেষ্ঠ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ বিশ্বনাথৰ আৱর্ত ভৱনৰ পৰা আৰম্ভ কৰা বাইক ৰেলীত অংশগ্রহণ কৰি অসংখ্য গুণমুগ্ধ, কর্মী–সমর্থকৰ আশিস বুটলি পানীভঁৰাল, গড়েহাবি, মধুপুৰ, শান্তিপুৰ, বিশ্বনাথ চাৰিআলি টাউনত প্রচাৰ চলোৱা মন্ত্রী ড০ শর্মাই আনকি কয় যে আমি মোগলক ১৭বাৰ খেদি পঠিয়ালোঁ৷ এতিয়া বদৰুদ্দিনক কোনে আনিব বিচাৰিছে ৰিপুণ বৰাক সোধক বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷ বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপি প্রার্থী প্রমোদ বৰঠাকুৰৰ সমর্থনত আজি মন্ত্রী ড০ শর্মাই প্রচাৰ অভিযানেৰে গেৰুৱা শিবিৰক উৎসাহিত কৰি বিৰোধী কংগ্রেছক বাক্যবাণেৰে থকা–সৰকা কৰে৷
স্বাভিমানী অসমীয়া অম্বিকাগিৰীৰ কবিতাৰ পংক্তি ‘এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান, ই যে জীৱন–মৰণ একাকাৰ কৰা অগ্ণিবীণাৰ তান’ আওৰাই জ্যেষ্ঠ মন্ত্রী ড০ শর্মাই আনকি এই নির্বাচন ভাৰত–সম–সনাতন্ আৰু বদৰুদ্দিন আজমলৰ মাজৰ দিক্ নির্ণায়ক নির্বাচন বুলি অভিহিত কৰে৷ ড০ শর্মাই আনকি কংগ্রেছক দিয়া প্রতিটো ভোটে বদৰুদ্দিন আজমলক দিছপুৰৰ বৰঘৰৰ ওচৰ চপাই নিব বুলিও শংকা প্রকাশ কৰে৷ দেশৰ স্বাধীনতা ৰণত অংশগ্রহণকাৰী মহাত্মা গান্ধী, লোকপ্রিয় গোপীনাথ বৰদলৈ আনকি জ্যোতিপ্রসাদৰ দৰে মনীষীয়ে যোগদান কৰা কংগ্রেছে মিত্রতাৰ বাবে বদৰুদ্দিনৰ বাদে বেলেগ ‘বস্তু’ নাপালে বুলি কটাক্ষ কৰে৷ এই নির্বাচনে ৰাজ্যবাসীক বদৰুদ্দিনৰ ওচৰত আত্মসমর্পণ কৰিবলৈ কংগ্রেছে বাধ্য কৰোৱা বুলি অভিযোগ তুলি জ্যেষ্ঠ মন্ত্রীজনে কাজিৰঙাৰ গঁড়কেইটাৰ পৰা বৰদোৱালৈ, তেজপুৰৰ পৰা বিশ্বনাথলৈকে কোনো মানুহকে সভ্যতা–সংস্কৃতিক লৈ জীয়াই থাকিবলৈ নিদিয়ে বুলিও বিস্ফোৰক মন্তব্য কৰে৷ এই নির্বাচন সাধাৰণ নির্বাচন নহয় বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই এই নির্বাচনত কংগ্রেছে বদৰুদ্দিন আজমলক বোকোচাত তুলি লোৱাটো অসমীয়াই ভাল নোপোৱাৰ চিহ্ণস্বৰূপেই বিজেপি প্রার্থীক ভোট দি জয়যুক্ত কৰিবলৈও আহ্বান জনায়৷
উদ্বেলিত জনতাৰ পাৰভগা উছাহৰ মাজতে জ্যেষ্ঠ মন্ত্রী ড০ শর্মাই কেইবাটাও গুৰুত্বপূর্ণ বিষয় উপস্থাপন কৰে৷ মাইক্র’ ফাইনেঞ্চৰ অধীনত ঋণ গ্রহণ কৰি সর্বস্বান্তসকলৰ ঋণ পৰিশোধ চৰকাৰে কৰিব বুলি মন্ত্রী ড০ শর্মাই প্রতিশ্রুতি দিয়াৰ লগতে অৰুণোদয় আঁচনিৰ ধন ৩ হাজাৰ টকালৈ বৃদ্ধি, আত্মসহায়ক গোটক ২৫/৫০ হাজাৰ টকাৰ বিত্তীয় সাহায্যৰ পৰিমাণ ১/২ লাখ টকালৈ বৃদ্ধিৰো ৰাজহুৱা ঘোষণা কৰে৷ ইফালে বিশ্বনাথত মেডিকেল কলেজ স্থাপনৰ বাবে ৫২০ কোটি টকা আবণ্টন আৰু ৰাজ্যৰ সবাতোকৈ ধুনীয়া মেডিকেল স্থাপনৰ কথা দোহাৰি মন্ত্রীজনে এই মেডিকেল কলেজত ৪থ আৰু ৩য়বর্গৰ চাকৰি বিশ্বনাথৰ নিবনুৱাক প্রদান কৰা হ’ব বুলি ঘোষণা কৰে৷ তদুপৰি অহা ২০২২ চনৰ মার্চৰ ভিতৰত এক লাখ নিবনুৱাক কর্মসংস্থাপন দিয়াৰ কথাও ঘোষণা কৰে মন্ত্রী ড০ শর্মাই৷ বিশ্বনাথঘাটৰ পৰা উমাটুমনিলৈও ৰোপৱে’ৰ কাম শীঘ্রে আৰম্ভ কৰাৰ প্রতিশ্রুতি দি এয়া মন্ত্রী ড০ শর্মাৰ সংকল্প বুলিও উল্লেখ কৰে৷ কংগ্রেছৰ গেৰাণ্টী সন্দর্ভত আজি বিশ্বনাথৰ জনসভাত এক বিদ্রূপাত্মক মন্তব্য কৰি জ্যেষ্ঠ মন্ত্রী ড০ শর্মাই কয় যে গেৰাণ্টী বজাৰৰ দোকানীয়েহে দিয়ে যে তেওঁলোকৰ বস্তুটো ঠিক আছে বুলি৷ এটা গেঞ্জী কিনিলে দুটা গেঞ্জী ফ্রী বুলি৷ নির্বাচনী বতৰত গেৰাণ্টী কি বুজি নাপাওঁ বুলি কটাক্ষ কৰা মন্ত্রী ড০ শর্মাই এনে গেৰাণ্টীৰ পৰিৱর্তে সংকল্পৰে যোৱা ২০০১ চনৰ পৰা মন্ত্রীপদত থকা বুলি উল্লেখ কৰি প্রদান কৰা প্রতিশ্রুতি আখৰে আখৰে পালন কৰাৰ প্রয়াস কৰা বুলিও উল্লেখ কৰে৷ তাৎপর্যপূর্ণ যে হাজাৰ হাজাৰ বাইক লৈ সমর্থকসকলে আজি মন্ত্রী ড০ শর্মাক সংগ দি বিশ্বনাথত বিজেপিৰ নির্বাচনী কুচকাৱাজ ব্যাপক কৰি তোলে৷ আনহাতে জনপ্রিয় নেতাজনৰ লগত কৰমর্দন, গামোচাৰে আদৰণি আৰু পুষ্পবৃষ্টিৰে আশিস বর্ষণৰ এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰি ড০ হিমন্ত বিশ্ব শর্মাই বিশ্বনাথত বিজেপিৰ জনপ্রিয়তা পুনৰ প্রতিষ্ঠা কৰিলে৷
সৰুপথাৰত বিশাল নির্বাচনী প্রচাৰ সভা ড০ শর্মাৰ
সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তর্গত মৰঙীৰ পোৰাবাংলাত আজি অনুষ্ঠিত বিজেপি প্রার্থী বিশ্বজিৎ ফুকনৰ নির্বাচনী প্রচাৰ সভাত অংশ লয় ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ হাজাৰ হাজাৰ ৰাইজে বিপুল আদৰণি জনায় মন্ত্রী ড০ শর্মাক৷ নির্বাচনী প্রচাৰ সভাত অংশ লৈ ড০ শর্মাই কয়– ‘কংগ্রেছ দলে শাসনৰ নামত সাম্প্রদায়িক ৰাজনীতি কৰিছে৷ কংগ্রেছক দিয়া প্রতিটো ভোটে বদৰুদ্দিন আজমলক দিছপুৰৰ বৰঘৰলৈ লৈ আহিব৷ আজমলৰ ওচৰত আমি আত্মসমর্পণ নকৰোঁ৷ ৰিপুণ বৰা বাংলাদেশৰ মুখ্যমন্ত্রী হ’ব পাৰে, কিন্তু আজমলৰ পিঠিত উঠি অসমত মুখ্যমন্ত্রী হ’ব নোৱাৰিব৷ কংগ্রেছক ভোট দিলে কাজিৰঙাৰ গঁড হত্যা আৰম্ভ হ’ব৷’ ইয়াৰ উপৰি তেওঁ কয়– ‘কংগ্রেছৰ আঁচনি আছিল ধুতী, লুঙী, সূতা৷ সেয়া এতিয়া কামত নাহিব৷ কংগ্রেছে গেৰাণ্টী দিয়ে৷ কিন্তু দোকানৰ বস্তু কিনিলেহে গেৰাণ্টী দিয়ে৷ গতিকে আমি কেতিয়াও গেৰাণ্টী নিদিওঁ৷’ নিবনুৱা যুৱক–যুৱতী সন্দর্ভত তেওঁ কয়– ২০২২ চনৰ মার্চ মাহত এক লাখ যুৱকক চাকৰি দিয়া হ’ব৷ প্রতিবছৰে দুই লাখ ল’ৰা–ছোৱালীক স্বয়ম আঁচনি দিয়াৰদায়িত্ব মোৰ৷’ মাইক্র’ ফাইনেঞ্চ সন্দর্ভতো ড০ শর্মাই কয়– ‘গোটৰ পইচা খুজিবলৈ গ’লে এজেণ্টৰ ভৰিত অলপ ‘মৰম’ কৰি দিব লাগিব যাতে খোজ কাঢ়িব নোৱাৰে৷ মাইক্র’ ফাইনেঞ্চৰ লোন মাফ কৰি দিয়া হ’ব৷’ ইফালে সৰুপথাৰ সমষ্টিৰ ৰাইজে বিশ্বজিৎ ফুকনক জিকাই আনিলে অসমৰ ভিতৰতেই সমষ্টিটো জাকতজিলিকা কৰি দিয়া হ’ব বুলি ড০ শর্মাই উল্লেখ কৰে৷ উল্লেখ্য যে আজি মৰঙীৰ পোৰাবাংলাত অনুষ্ঠিত উক্ত নির্বাচনী সভাত ড০ শর্মাৰ লগতে কৃষিমন্ত্রী অতুল বৰা, বিনোদ গোৱালা, অমিয় বৰাৰ লগতে বহু নেতা উপস্থিত থাকে৷