তৃতীয় টি–২০ত ৮ উইকেটত পৰাস্ত ভাৰত
জ’ছ বাটলাৰ আৰু জ’নী বিয়েৰষ্ট’ৰ বিস্ফোৰক বেটিঙৰ সহায়ত ইংলেণ্ডে তৃতীয় টি–২০ত ভাৰতৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰিছে৷ আহমেদাবাদত মঙলবাৰে অনুষ্ঠিত মেচখনত আলহী দলটোৱে টীম ইণ্ডিয়াক ৮ উইকেটত পৰাস্ত কৰি পাঁচখন মেচৰ শৃংখলাত ২–১ৰ অগ্রগতি লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৫৭ ৰানৰ লক্ষ্যৰ পিছ লৈ ইংলেণ্ডে ১০টা বল বাকী থকা অৱস্থাত মাত্র দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷
বাটলাৰে ৫২ বলত পাঁচটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰৰ সহায়ত ৮৩ ৰানত অপৰাজিত হৈ ৰয়৷ বেয়াৰষ্ট’ই ২৮ বল খেলি পাঁচটা বাউণ্ডেৰীৰে অপৰাজিতভাৱে ৪০ ৰানৰ অৰিহণা আগবঢ়ায়৷ ডেৱিদ মালান ১৮ আৰু জেছন ৰয় ৯ ৰানত আউট হয়৷ ভাৰতে ইনিংছৰ আৰম্ভণিতে জেছন ৰয়ক আউট কৰিবলৈ সক্ষম হয় যদিও জ’ছ বাটলাৰে আক্রমণাত্মক বেটিঙেৰে ইংলেণ্ডৰ জয় সহজ কৰি তোলে৷ বিয়েৰষ্ট’ই বাটলাৰক যোগ্য সহযোগিতা আগবঢ়াই ভাৰতীয় বলাৰক বিমুখ কৰে৷ ভাৰতৰ হৈ য়ুজবেন্দ্র ছাহাল আৰু ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট পায়৷
ইয়াৰ পূর্বে ইংলেণ্ডৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি টীম ইণ্ডিয়াই নির্ধাৰিত ২০ অ’ভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৬ ৰান সংগ্রহ কৰে৷ ইংলেণ্ডৰ তাৰকা বেগী বলাৰ মার্ক উডৰ দুর্দান্ত বলিঙৰ সন্মুখত ভাৰতে ইনিংছৰ আৰম্ভণিতে তিনিটাকৈ উইকেট হেৰুৱাই বিপদত পৰে৷ মাত্র ২৪ ৰানৰ ভিতৰতে দলটোৱে অ’পেনাৰ লোকেশ ৰাহুল, ৰোহিত শর্মা আৰু ঈশান কিশনৰ উইকেট হেৰুৱায়৷ পূর্বৰ দুয়োখন মেচত ব্যর্থ হোৱা ৰাহুল মঙলবাৰেও মাত্র শূন্য ৰানতে পেভিলিয়নমুখী হয়৷ দুখন মেচৰ বিশ্রামৰ পিছত দললৈ ওভতা তাৰকা অ’পেনাৰ ৰোহিত শর্মাও ১৫ ৰানতে আউট হয়৷ দ্বিতীয় টি–২০ত বিস্ফোৰক অর্ধশতকেৰে প্রতিভাৰ প্রমাণ দিয়া উদীয়মান বেটছমেন ঈশান কিশন চাৰি ৰানত আউট হয়৷
অৱশ্যে অধিনায়ক বিৰাট কোহলিয়ে ৪৬ বলত আঠটা বাউণ্ডেৰী আৰু চাৰিটা অ’ভাৰ বাউণ্ডেৰীৰে ৭৭ ৰানৰ অপৰাজিত ইনিংছ খেলি ভাৰতক সন্মানজনক স্থিতিত উপনীত কৰায়৷ ঋষভ পণ্টে ২০টা বলত তিনিটা বাউণ্ডেৰীৰ সহায়ত ২৫, শ্রেয়াছ আয়াৰে ৯ আৰু হার্দিক পাণ্ডিয়াই ১৭ ৰান কৰে৷ ইংলেণ্ডৰ হৈ মার্ক উডে তিনিটা আৰু ক্রিছ জর্দানে দুটা উইকেট পায়৷