পুনৰ মহামাৰী ক’ৰোনাৰ আতংকঃ নৰেন্দ্র মোদী ষ্টেডিয়ামত দর্শকৰ প্রৱেশ নিষিদ্ধ
নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ ভাৰত আৰু ইংলেণ্ডৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত দ্বিতীয়, তৃতীয় আৰু চতুর্থ টেষ্টৰ লগতে প্রথম দুখন টি–২০ মেচত প্রায় ৬০ হাজাৰ দর্শকেৰে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়াম ভৰি পৰিছিল যদিও আজি অনুষ্ঠিত তৃতীয় টি–২০ দর্শক অবিহনে অনুষ্ঠিত হয়৷
শেহতীয়াকৈ গুজৰাটকে ধৰি দেশৰ বিভিন্ন প্রান্তত মহামাৰী ক’ভিড–১৯ৰ প্রকোপ পুনৰ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি গুজৰাট ক্রিকেট সন্থাই যোৱানিশা জৰুৰীভাৱে এই সিদ্ধান্ত গ্রহণ কৰে৷ সন্থাৰ উপ–সভাপতি ধনৰাজ নাথৱানিয়ে এক বিবৃতিত কয় যে টি–২০ শৃংখলাৰ বাকী থকা তিনিখন মেচত দর্শক ষ্টেডিয়ামত প্রৱেশ কৰিব নোৱাৰিব৷ যিসকল দর্শকে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি–২০ মেচকেইখনৰ বাবে টিকট ক্রয় কৰিছিল, তেওঁলোকৰ ধন ওভতাই দিয়া হ’ব৷
দর্শক আৰু খেলুৱৈৰ স্বাস্থ্য সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰা বুলি সন্থাৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে৷
উল্লেখ্য যে চেন্নাইত অনুষ্ঠিত দ্বিতীয় টেষ্ট, আহমেদাবাদত অনুষ্ঠিত তৃতীয় আৰু চতুর্থ টেষ্টত ৫০ শতাংশ দর্শকে ষ্টেডিয়ামত প্রৱেশৰ অনুমতি পাইছিল৷ চলিত টি–২০ শৃংখলাৰ প্রথম দুখন মেচতো নৰেন্দ্র মোদী ষ্টেডিয়ামত ৫০ শতাংশ দর্শক দেখিবলৈ পোৱা গৈছিল৷ কিন্তু আজি ভাৰত আৰু ইংলেণ্ডে খালী ষ্টেডিয়ামত তৃতীয় টি–২০ খেলে৷