নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ বছৰলৈ নিষিদ্ধ ইউ এ ইৰ দুই ক্রিকেটাৰ; ফিক্সিঙক লৈ কঠোৰ আইচিচি

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ আই চি চিৰ দুর্নীতিবিৰোধী আচৰণবিধি ভংগৰ অভিযোগত ইউনাইটেড আৰব এমিৰেটছৰ দুগৰাকী ক্রিকেটাৰক ৮ বছৰৰ বাবে সকলোধৰণৰ ক্রিকেটৰ পৰা নিষিদ্ধ কৰা হৈছে৷ আই চি চিয়ে এক বিবৃতিত আজি এই কথা প্রকাশ কৰিছে৷ মহম্মদ নৱীদ আৰু ছাইমান আনোৱাৰ বাট নামৰ ক্রিকেটাৰ দুগৰাকীয়ে ২০১৯ৰ আই চি চি পুৰুষ টি–২০ বিশ্বকাপ কোৱালিফায়াৰত মেচ ফিক্সিঙৰ চেষ্টা চলাইছিল৷ তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তদন্ত কৰি আই চি চিৰ দুর্নীতিবিৰোধী ট্রিবিউনেলে ক্রিকেটাৰ দুগৰাকীক দোষী সাব্যস্ত কৰে৷ ইয়াৰ পিছত আই চি চিয়ে আজি নৱীদ আৰু বাটক ৮ বছৰৰ বাবে ক্রিকেটৰ পৰা নিষিদ্ধ কৰাৰ শাস্তি ঘোষণা কৰিছে৷ ২০১৯ৰ ১৬ অক্টোবৰৰ পৰা তেওঁলোকৰ নিষেধাজ্ঞা আৰম্ভ হৈছে৷ উল্লেখ্য যে ৩৩ বছৰীয়া নৱীদে ইউ এ ইৰ হৈ ৩৯খন এদিনীয়া আৰু ৩১খন টি–২০ আন্তঃৰাষ্ট্রীয় মেচ খেলিছে৷ একেদৰে ৪২ বছৰীয়া মিডল অর্ডাৰ বেটছমেন বাটে ৪০খন এদিনীয়া আৰু ৩২খন টি–২০ত দেশক প্রতিনিধিত্ব কৰিছে৷

You might also like