নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোপাল নগৰত ভূ–লুণ্ঠিত মানৱতা; ৰাজপথত পুত্রই পেলাই থৈ গ’ল বৃদ্ধা মাতৃক

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ভূ–লুণ্ঠিত মানৱতা৷ গুৱাহাটী মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে এক হূদয় বিদাৰক ঘটনা৷ জন্মদাত্রী অসুস্থ মাতৃক চিকিৎসা প্রদানৰ বাবে ঘৰৰ পৰা আনি কুলাংগাৰ পুত্রই ৰাজপথত পেলাই থৈ যোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নুনমাটিৰ গোপাল নগৰৰ বাসিন্দা ঠেৱালী বর্মন (৬০) নামৰ বৃদ্ধাগৰাকীৰ দুই পুত্র, তিনিগৰাকী কন্যাক লৈ এখন ভৰপূৰ সংসাৰ আছিল৷

দীর্ঘদিন ধৰি বৃদ্ধাগৰাকী অসুস্থ হৈ থকাত পুত্র ভেদেলা বর্মনে চাৰিদিন পূর্বে চিকিৎসালয়লৈ নিম বুলি মাতৃক ঘৰৰ পৰা আনি চূণচালিৰ ৰাজপথত পেলাই থৈ যায়৷ স্থানীয় কেইজনমান যুৱকে এই দৃশ্য প্রত্যক্ষ কৰি খেদি যায় যদিও যুৱকজন পলাই সাৰিবলৈ সক্ষম হয়৷ বিগত চাৰিদিন ধৰি স্থানীয় ৰাইজে অসহায় বৃদ্ধা মহিলাগৰাকীক খাদ্য যোগান ধৰি আহিছে৷ ঘটনা সন্দর্ভত স্থানীয় ৰাইজে নুনমাটি থানাত অৱগত কৰে যদিও আৰক্ষীয়ে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ স্থানীয় ৰাইজে বৃদ্ধাগৰাকীক বৃদ্ধাশ্রমত গতাই দিয়াৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে৷

You might also like