নির্বাচনী প্রচাৰৰ বাবে অসমত উপস্থিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যৰ চুকে–কোণে জনসভা, বাইক ৰেলী, পদযাত্রা আদি বিভিন্ন কার্যসূচীৰে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে৷ ইয়াৰ মাজতে অসমলৈ আগমণ ঘটিছে কেইবাজনো ষ্টাৰ কেম্পইনাৰৰ৷
ইপিনে আজি কেইবাখনো নিৰ্বাচনী সভাত অংশ লোৱাৰ উদেশ্যে অসমত আহি উপস্থিত হয়হি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। অসমত উপস্থিত হৈয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰি আশীষ লয় যোগী আদিত্যনাথে।
উল্লেখ্য যে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে আজি বিজেপিৰ তিনিখনকৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি যোগী আদিত্যনাথে অসমৰ হোজাই, ৰঙিয়া আৰু কলাইগাঁৱত অংশগ্ৰহণ কৰিব নিৰ্বাচনী সভাত।
লংকাত মিত্ৰজোঁটৰ হোজাই সমষ্টিৰ মনোনীত প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষ আৰু লামডিং সমষ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী স্বপন কৰৰ হৈ লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব যোগী আদিত্যনাথে। পৰৱৰ্তী সময়ত ৰঙিয়া সমষ্টিত মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীৰ হৈয়ো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।