NPRৰ সৈতে NRCৰ সংযোগ নাইঃ কেন্দ্রীয় মন্ত্রী জি কিষাণ ৰেড্ডী
কেন্দ্রীয় মন্ত্রী জি কিষাণ ৰেড্ডীৰ মন্তব্য
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি বিৰোধীয়ে দাবী কৰা এক বক্তব্যক ভিত্তিহীন বুলি নস্যাৎ কৰি কৈছে যে ৰাষ্ট্রীয় জনসংখ্যা পঞ্জীৰ সৈতে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কোনো সম্পর্ক নাই৷ এআইএমআইএমৰ বিৰুদ্ধে আছাদুদ্দিন ওৱেইছি আৰু মুছলিম সংগঠনৰ কেইজনমান প্রতিনিধিয়ে তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাওক সাক্ষাৎ কৰি ৰাজ্যত ৰাষ্ট্রীয় জনসংখ্যা পঞ্জীৰ কাম বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল৷ তেওঁলোকে কৈছিল যে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ প্রাৰম্ভিক পদক্ষেপ হ’ল ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী৷ বিৰোধীৰ এই মন্তব্যক ভিত্তিহীন আখ্যা দি জি কিষাণ ৰেড্ডীয়ে কয়– ‘এনআৰচিৰ প্রাৰম্ভিক পদক্ষেপ এনপিআৰ বুলি বিৰোধী দল আৰু কিছুসংখ্যক সংবাদ মাধ্যমে ভিত্তিহীনভাৱে চলোৱা প্রচাৰক মই তীব্রভাৱে বিৰোধিতা কৰোঁ৷ মই এই কথা নিশ্চিত কৰি ক’ব খোজোঁ যে এই দুবিধৰ সৈতে কোনো সংযোগ নাই৷ এনপিআৰ হ’ল ২০২১ চনৰ লোকপিয়লৰ এটা অংশ৷ মন্ত্রীজনে বিৰোধী দলসমূহৰ বিৰুদ্ধে অভিযোগ আনি কয় যে তেওঁলোকে এক মনস্তাত্ত্বিক যুঁজ খেল আৰম্ভ কৰিছে, যাতে জনতাই চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়৷ কেন্দ্রীয় মন্ত্রী জি কিষাণ ৰেড্ডীয়ে দেশৰ জনতাক আহ্বান জনাই কয় যাতে তেওঁলোকে এনে ভুৱা বাতৰিত ভোল নাযায়৷ উল্লেখ্য যে যোৱা মঙলবাৰে ২০২১ চনৰ লোকপিয়ল আৰু ৰাষ্ট্রীয় জনসংখ্যাপঞ্জীৰ বাবে কেন্দ্রীয় চৰকাৰে ১২,৭০০ কোটি টকাৰ অনুমোদন কৰি এই জনসংখ্যাপঞ্জীৰ সৈতে নাগৰিকপঞ্জীৰ কোনো সম্পর্ক নাই বুলিও স্পষ্ট কৰি দিছিল৷