ধুবুৰী লোকসভাৰ এটাও বিধানসভা সমষ্টিত কংগ্রেছে নিদিলে হিন্দুক প্রার্থিত্ব
ক্ষমতাৰ স্বার্থত ধর্মীয় সংখ্যালঘু তোষণ
নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ কংগ্রেছ দল যে সংখ্যালঘু তোষণৰ ৰাজনীতিৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই, সেই কথা এইবাৰৰ বিধানসভা নির্বাচনে পুনৰ প্রমাণিত কৰিছে৷ একমাত্র ধর্মীয় সংখ্যালঘুৰ ভোটৰ স্বার্থতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ সৈতে কংগ্রেছে মিত্রতা কৰিয়েই ক্ষান্ত নাথাকি ধুবুৰী লোকসভাৰ অন্তর্গত এটাও বিধানসভা সমষ্টিত কংগ্রেছে হিন্দু সম্প্রদায়ৰ লোকক দলীয় টিকট প্রদান নকৰিলে৷ দলটোত সংখ্যালঘু তোষণৰ প্রভাৱ ইমানেই পৰিছে যে তীর্থনগৰী হাজো আৰু সত্রনগৰী বৰপেটা সমষ্টিতো কংগ্রেছে ধর্মীয় সংখ্যালঘু ব্যক্তিক দলীয় টিকট দিছে৷ উল্লেখ্য যে ধুবুৰী লোকসভাৰ অধীনস্থ ১০টা বিধানসভা সমষ্টিৰ ভিতৰত ৫টা সমষ্টি এইবাৰ কংগ্রেছে এ আই ইউ ডি এফ দলক এৰি দিছে৷ এ আই ইউ ডি এফক এৰি দিয়া মানকাচৰ, ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা পূব আৰু বিলাসীপাৰা পশ্চিম আটাইকেইটা সমষ্টিত দলটোৱে ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ লোকক টিকট দিছে৷ লোকসভা সমষ্টিটোৰ অধীনস্থ আন পাঁচটা সমষ্টি দক্ষিণ শালমাৰা, গোলকগঞ্জ, জলেশ্বৰ, গোৱালপাৰা পশ্চিম আৰু গোৱালপাৰা পূবত কংগ্রেছে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও কংগ্রেছেও আটাইকেইটা সমষ্টিতে ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ লোককহে টিকট দিছে৷
মুঠতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে এইবাৰ ধুবুৰী লোকসভাৰ অধীনস্থ আটাইকেইটা বিধানসভা সমষ্টিতে ধর্মীয় সংখ্যালঘুকহে টিকট দিলে৷ ইপিনে তীর্থনগৰী হাজো আৰু সত্রনগৰী বৰপেটাৰ আসন দুখনতো কংগ্রেছে এইবাৰ ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ ব্যক্তিক দলীয় টিকট দিছে৷ হাজোত অখ্যাত আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিক কংগ্রেছে দলীয় টিকট দিয়াক কেন্দ্র কৰি কংগ্রেছৰ ভিতৰচ’ৰাতে বিৰূপ প্রতিক্রিয়া সৃষ্টি হৈছে৷ কংগ্রেছে সমষ্টিটো বিজেপিক নে অজাপক ৱাক অভাৰ দিয়াৰ বাবে অখ্যাত প্রার্থী থিয় কৰাইছে, তাক লৈ কংগ্রেছত ৰহস্যৰ সৃষ্টি হৈছে৷ সেইদৰে এইবাৰ নির্বাচনত কংগ্রেছৰ অন্যতম ইছ্যু হৈছে ‘কা’ৰ বিৰুদ্ধাচৰণ, অসম চুক্তি আখৰে আখৰে ৰুপায়ণৰ লগতে এন আৰ চি ৰূপায়ণ৷ পিছে বৰপেটাত কংগ্রেছে এইবাৰ দলীয় টিকট দিছে এসময়ত এন আৰ চি উন্নীতকৰণৰ বিৰোধিতা কৰা আমছুৰ প্রাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদক৷ ২০১০ চনত বৰপেটাত এন আৰ চি উন্নীতকৰণৰ পাইলট প্রজেক্টৰ কাম চলি থকাৰ সময়তে সেইগৰাকী আমছু নেতাৰ নেতৃত্বতে এন আৰ চি উন্নীতকৰণৰ কামত বাধা দিয়া হৈছিল আৰু সেই ঘটনাত চাৰিজনকৈ লোক নিহত হৈছিল৷
ফলত সেই সময়ত এন আৰ চি উন্নীতকৰণৰ কাম বন্ধ হ’বলগীয়া হয়৷ পৰৱর্তী পর্যায়ত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতহে এন আৰ চি উন্নীতকৰণৰ কাম পুনৰ আৰম্ভ হয়৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, বৰপেটাৰ সাংসদ আব্দুল খালেকৰ হস্তক্ষেপতেই এইবাৰ বৰপেটাত আব্দুৰ ৰহিম আহমেদক দলীয় টিকট দিয়া হৈছে৷ এইবোৰৰ উপৰি ৰাজ্যখনৰ বিভিন্ন সমষ্টিত এইবাৰ কংগ্রেছৰ টিকটক লৈ নানা বিতর্ক তথা অসন্তুষ্টি, ক্ষোভৰ সৃষ্টি হৈছে৷ দলীয় টিকটক লৈ হোৱা এনে বিতর্কৰ বিপৰীতে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ ভাষ্য সুকীয়া৷ সংবাদ মাধ্যমৰ আগত সিঙে প্রকাশ কৰা অনুসৰি, কংগ্রেছে এইবাৰ অতি স্বচ্ছতাৰে দলীয় টিকট প্রদান কৰিছে৷ আটাইতকৈ বেছি ‘উইনিং পচিবিলিটী’ থকা লোককহে দলৰ টিকট দিয়া হৈছে৷ তদুপৰি প্রথমবাৰৰ বাবে এইবাৰেই কংগ্রেছে অসমত বহি প্রার্থী বাছনি কৰিছে৷ টিকট বিচাৰি কোনো কংগ্রেছীয়ে এইবাৰ দিল্লীলৈ যাব লগা হোৱা নাই৷ তদুপৰি দলীয় টিকট প্রদানৰ পূর্বে স্ক্রীনিং কমিটীয়ে জিলা কংগ্রেছ, ব্লক কংগ্রেছৰ মতামত গ্রহণ কৰিছে৷ সেই অনুসৰি ‘উইনিং পচিবিলিটী’ থকাসকলক টিকট দিছে৷