চতুর্থবাৰৰ বাবে অলিম্পিকলৈ যোগ্যতা শৰথৰ
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ চতুর্থবাৰৰ বাবে অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ভাৰতৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ শৰথ কমলে৷ ২০০৪ৰ এথেন্স অলিম্পিক, ২০০৮ৰ বেইজিং অলিম্পিক আৰু ২০১৬ৰ ৰি’ অলিম্পিকৰ পিছত এইবাৰ টকিঅ’ অলিম্পিকত দেখিবলৈ পোৱা যাব ৩৮ বছৰীয়া অভিজ্ঞ খেলুৱৈগৰাকীক৷ ডোহাত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰত শৰথ কমলে পাকিস্তানৰ ৰামিজ মহম্মদক ১১–৪, ১১–১, ১১–৫, ১১–৪ৰ ব্যৱধানত পৰাস্ত কৰি অলিম্পিকলৈ যোগ্যতা অর্জন কৰে৷ পাকিস্তানৰ প্রতিদ্বন্দ্বীগৰাকীক তেওঁ মাত্র ২৩ মিনিটৰ ভিতৰতে ধৰাশায়ী কৰিবলৈ সক্ষম হয়৷ বিশ্বৰ ৩২সংখ্যক ৰেংকিংপ্রাপ্ত শৰথ কমলৰ বাবে আজিৰ মেচখন আছিল মৰণপণ যুঁজসদৃশ৷ কিন্তু ইয়াৰ পূর্বে তেওঁ প্রথমখন মেচত ভাৰতৰ উদীয়মান পেডলাৰ ছাথিয়ানৰ হাতত পৰাস্ত হৈছিল৷