মহাজোঁটৰ প্রার্থী মনজিৎ মহন্তৰ প্রার্থিত্বক লৈ দিছপুৰত বিভক্ত কংগ্রেছ শিবিৰ
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ চর্চাৰ কেন্দ্রবিন্দু হৈ থকা দিছপুৰ সমষ্টিৰ বিজেপি প্রার্থীক লৈ দলৰে একাংশ প্রার্থিত্বপ্রত্যাশীৰ মাজত মুকলি অন্তর্কন্দল অব্যাহত থকাৰ সময়তে কংগ্রেছ দলে কালি সমষ্টিটোৰ প্রার্থীৰ নাম ঘোষণাৰ পিছত তীব্র অসন্তুষ্টি বিৰাজ কৰিছে দলীয় কর্মীৰ মাজত৷ কেৱল সেয়াই নহয় জানিব পৰা মতে দুটা শিবিৰত বিভক্ত হৈ পৰিছে সমষ্টিৰ দলীয় নেতা–কর্মীসকল৷
উল্লেখ্য যে দেশ স্বাধীন হোৱাৰ অধিক সময়ছোৱা কংগ্রেছৰ দখলত থকা সন্মানীয় সমষ্টিটো এইবাৰ মহাজোঁটৰ অংশীদাৰ দল আঞ্চলিক গণমর্চাক এৰি দিয়াক লৈ বিভিন্ন সময়ত প্রতিবাদ অব্যাহত থকাৰ পিছত ৰহস্যজনকভাৱে গণমর্চাৰ প্রার্থীগৰাকীকে কংগ্রেছৰ প্রার্থী হিচাপে কালি ঘোষণা কৰে নেতৃত্বই দলত যোগদান নকৰাকৈ৷ কংগ্রেছৰ প্রার্থী হিচাপে মনজিৎ মহন্তৰ নামটো ঘোষণা কৰাৰ পিছতে সমষ্টিৰ কংগ্রেছ কর্মীসকল ক্ষুব্ধ হৈ পৰিছে৷
জানিব পৰা অনুসৰি সমষ্টিৰ অন্তর্গত পাঁচটা ব্লক সমিতি ক্রমে ডিমৰীয়া, বেলতলা, দিছপুৰ, চন্দ্রপুৰ আৰু নুনমাটি ব্লক সমিতিয়ে অধিকসংখ্যক কর্মকর্তাই নেতৃত্বৰ এই আজব কাণ্ডক লৈ হতবাক নোহোৱাই নহয় তীব্র অসন্তুষ্টি প্রকাশ কৰিছে৷ জানিব পৰা মতে নির্দিষ্ট এটা ব্লক সমিতিৰ দুজনমান নেতাৰ বাহিৰে আন চাৰিটা ব্লক সমিতিয়ে সম্পূর্ণ অসহযোগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এইক্ষেত্রত আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও নির্ভৰযোগ্য সূত্রৰ তথ্য মতে সমষ্টিৰ ডিমৰীয়া, বেলতলা, দিছপুৰ আৰু চন্দ্রপুৰ সমিতিয়ে এই স্থিতি গ্রহণ কৰিছে৷ একমাত্র নুনমাটি ব্লকৰ একাংশ কর্মকর্তাই মনজিৎ মহন্তক সংগ দিয়া পৰিলক্ষিত হৈছে৷ অৱশ্যে চন্দ্রপুৰতো দুজনমানে সহযোগ কৰা দেখা গৈছে প্রার্থীগৰাকীক৷
জানিব পৰা মতে প্রার্থীগৰাকীও ব্লক সমিতি আৰু কংগ্রেছৰ ভাতৃ সংগঠনক আওকাণ কৰি কেইজনমান কংগ্রেছ কর্মীক লগত লৈয়ে ছেগা–চোৰোকাকৈ দুই–এখন সভা অনুষ্ঠিত কৰি আছে৷ অৱশ্যে কাইলৈ মনোনয়ন দাখিল কৰাৰ পিছত প্রাক্তন বিধায়ক তথা মন্ত্রী অকণ বৰাৰ আস্থাভাজন দলীয় কর্মী–নেতাই কিমান সহযোগ আগবঢ়ায় সেয়া সময়তহে লক্ষণীয় হ’ব৷