নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম পর্যায়ত ৪৬ আসন পাব বিজেপি মিত্রজোঁটে

নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ  অসম বিধানসভা নির্বাচনৰ প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪৭খন আসনৰ ভিতৰত ৪৬খন আসন বিজেপি মিত্রজোঁটে লাভ কৰিব বুলি দাবী কৰিছে ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ অৱশ্যে কিছু সমষ্টিত সৃষ্টি হোৱা কাৰিকৰী জটিলতা দূৰ কৰিব নোৱাৰিলে প্রথম পর্যায়ত আসনৰ সংখ্যা ৪১ৰ পৰা ৪২খনলৈ হ্রাস পোৱাৰ সম্ভাৱনাৰ কথাও তেওঁ প্রকাশ কৰিছে৷ আজি ‘নিউজ লাইভ’ৰ জনপ্রিয় অনুষ্ঠান ‘প্রেক্ষাপট’ত অংশগ্রহণ কৰি এই সম্ভাৱনা প্রকাশ কৰি তেওঁ কয়– ‘এই নির্বাচনত আমি জয়ী হ’ম৷ নির্বাচনৰ সময়ছোৱাত ঘূৰি ঘূৰি মোৰ ব্যক্তিগত অনুভৱ এয়ে যে প্রথম পর্যায়ৰ নির্বাচন হ’বলগীয়া ৪৭খন আসনৰ নিয়মমতে আমি এখনক বাদ দি আন আসনসমূহত জয়ী হ’ব লাগে৷ কিন্তু ছয়টামান সমষ্টিত আমাৰ প্রার্থীসকলৰ কিবা নহয় কিবা কাৰণত ৰাইজৰ লগত তেওঁলোকৰ সম্পর্কৰ দূৰত্ব আছে৷ ঠিক সেইদৰে দেৰগাঁও, টীয়ক, আমগুৰি আদি সমষ্টিত অগপ আৰু বিজেপিৰ সম্পর্কতো এতিয়াও মসৃণ হোৱা নাই যিধৰণে হ’ব লাগিছিল৷ কালিও মই যোৰহাটত সকলোৰে সৈতে আলোচনা কৰিছোঁ৷ আশা কৰিছোঁ এই পৰিস্থিতিৰ পৰিৱর্তন হ’ব৷ ব্যক্তিগতভাৱে থকা কিছু পৰিমাণৰ প্রতিষ্ঠানবিৰোধী ঢ়ৌ দূৰ কৰি অগপ আৰু বিজেপি একেলগে এতিয়াৰ পৰাই যদি নির্বাচনী যুদ্ধত নামি দিব পাৰোঁ, তেনেহ’লে প্রথম পর্যায়ত আমি ৪৫খন আসন লাভ কৰিম৷ কিন্তু সম্পর্কটো যদি মসৃণ নহয় অথবা ব্যক্তিগতভাৱে প্রার্থীৰ বিৰুদ্ধে থকা প্রতিষ্ঠানবিৰোধী ঢ়ৌ দূৰ নহয়, তেনেহ’লে আমি ৪১ৰ পৰা ৪২ আসনলৈ নামি অহাৰ সম্ভাৱনা আছে৷ অহা সাত দিনত যদি আৰু ভাল কাম কৰিব পাৰোঁ, তেনেহ’লে ৪৭খনৰ ভিতৰত এখন বাদ দি আমি ৪৬খন আসন লাভ কৰিম৷

যদি আমাৰ প্রার্থীসকলে অলপমানো ঢ়িলাই দিয়ে অথবা জয়ী হ’লোঁ বুলি এটা গর্বিত মনোভাব গ্রহণ কৰে আৰু কষ্ট কমাই দিয়ে, তেনেহ’লেহে আমি ৪১ৰ পৰা ৪২ আসনলৈ নামি আহিব পাৰোঁ৷ মই ভাবোঁ অহা সাত দিনত আমি এই ৪৭টা সমষ্টিৰ এটা সমষ্টি বাদ দি ৪৬টা লাভ কৰিবলৈ সক্ষম হ’ম৷ এয়া মোৰ দৃঢ় বিশ্বাস৷ আজি গোলাঘাট আৰু সৰুপথাৰ বিগত নির্বাচনত আমি লাভ কৰা নাছিলোঁ৷ এই দুয়োটাতে আমি এইবাৰ ভাল ফলাফল লাভ কৰিম৷ তিতাবৰ আৰু মৰিয়নি সমষ্টিও আমাৰ নাছিল৷ কিন্তু এই দুয়োটা সমষ্টিতে আজিৰ দিনটোত আমাৰ স্থিতি যথেষ্ট ভাল৷ সেইদৰে শিৱসাগৰ আসনখনো আমাৰ নাছিল৷ বর্তমান আমাৰ এই আসনখনতো স্থিতি ভাল৷ নাজিৰাতো আমি জয়ী হ’ম৷ ডিব্রুগড় আৰু তিনিচুকীয়াৰ আটাইকেইখন আসন আমাৰ লগত আছে৷ ডুমডুমা সমষ্টিতো এইবাৰ আমি জয়ী হ’ম৷ জোনাই সমষ্টি আমাৰ সৈতে নাছিল৷ এইবাৰ এই সমষ্টিটো আমি লাভ কৰিম৷ একপ্রকাৰ ক’বলৈ গ’লে নাওবৈচাক বাদ দি প্রত্যেকটো সমষ্টিতে আজিৰ দিনত বিজেপি জয়লাভ কৰাৰ স্পষ্ট ইংগিত দেখা গৈছে৷ নাওবৈচা সমষ্টিত অসম গণ পৰিষদক আমি সমর্থন দিছোঁ৷ অহা সাত দিনত আমি যদি ভালদৰে কাম কৰিব পাৰোঁ, শেষত নাওবৈচাতো আমি জয়ী হ’ম৷

প্রথম পর্যায়ৰ ৪৭খন আসনৰ ভিতৰত ৪৬খন আমি পাব পাৰোঁ৷ দুই–এটা স্থানত সৃষ্টি হোৱা কাৰিকৰী জটিলতা যদি দূৰ কৰিব নোৱাৰিলে হয়তো ৪১–৪২খনলৈ নামিব পাৰোঁ৷’ ইফালে আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে আগ্রহী নহয় বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসলৈ চিঠি লিখা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি ড০ শর্মাই কয় যে ৰাজনৈতিকভাৱে জনপ্রিয়তা অথবা মানুহৰ মৰম–চেনেহ লাভ কৰাৰ এটা পর্যায় তেওঁ লাভ কৰিছে৷ সেয়েহে এই পর্যায়টোৰ পৰা তেওঁ নামি আহিব বিচৰা নাই৷ আজি তেওঁক ভালপোৱা মানুহখিনিয়ে কিবা এটা ভুল কৰিলেই কাইলৈ গালি–শপনি পাৰিব নেকি বুলিও আশংকাত ভুগিছিল বুলি উল্লেখ কৰি তেওঁ কয়– ‘কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ এইমছত চিকিৎসাধীন হৈ থকা সময়ত মোক ফোনযোগে দিল্লীলৈ মাতিছিল৷ তেওঁ হাস্পতালৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত তিনি দিন দিল্লীত সাক্ষাৎ কৰিছিলোঁ৷ সেই সময়ত অৰুণাচল আৰু নাগালেণ্ডৰ মুখ্যমন্ত্রীৰ লগতে অসমৰ মুখ্যমন্ত্রীয়েও শ্বাহক সাক্ষাৎ কৰিছিল৷ এই তিনিদিনীয়া সাক্ষাতৰ পাছত যেতিয়া মই উভতিবলৈ লৈছিলোঁ, তেতিয়া অমিত শ্বাহে মোক আগন্তুক বিধানসভা নির্বাচনৰ বাবে প্রস্তুত হ’বলৈ কৈছিল৷ প্রধানমন্ত্রী মোদী আৰু অমিত শ্বাহে মই যুঁজাটো বিচাৰিছে৷ সেই সময়তে কংগ্রেছ আৰু এআইইউডিএফে মহাজোঁটবন্ধন গঠন কৰিলে৷ তেতিয়াই মই ভাবিলোঁ যে নির্বাচনত মহাজোঁটবন্ধনক হৰুৱাটো দায়বদ্ধতা৷ সেয়েহে এই নির্বাচন সভ্যতা ৰক্ষাৰ যুঁজ হিচাপে লৈ মোৰ লগতে ৰাইজে অংশ লৈছে৷’

উল্লেখ্য যে আজিৰ  অনুষ্ঠানতে তেওঁ স্কুটী লাভ কৰা মেধাৱী শিক্ষার্থীৰ সৈতে মত বিনিময় কৰে৷ তদুপৰি জালুকবাৰী সমষ্টিৰ একাংশ সমর্থকৰ সৈতেও মন্ত্রীগৰাকীয়ে মত বিনিময় কৰে৷ এই অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক প্রসংগৰ লগতে এইবাৰ নির্বাচনত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলক প্রধানকৈ আক্রমণৰ লক্ষ্য কৰি লোৱা প্রসংগও উত্থাপন কৰে৷ এই প্রসংগত তেওঁ কয়– ‘ব্যক্তিগতভাৱে কাৰো বিৰুদ্ধে এই যুঁজ নহয়৷ ৰাজনৈতিক আৰু সাংস্কৃতিক আগ্রাসনৰ বিৰুদ্ধেহে এই যুঁজ৷ বদৰুদ্দিন আজমলে মহিলা সমাজক যিমান সন্তান জন্ম দিয়ে সিমান সন্তান জন্ম দিবলৈ আহ্বান জনায়৷ তেওঁ কৈছে চৰকাৰ আহিলে প্রথম কেবিনেটত মাদ্রাছা খোলাৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ অর্থাৎ প্রাথমিকভাৱে আমি সকলোৱে এইটো অনুমান কৰিব পাৰোঁ যে তেওঁলোকৰ চিন্তাধাৰা শ্বৰীয়তৰ ওচৰত থিয় হৈ আছে৷ আজমলে যদি ক’লেহেঁতেন প্রথম কেবিনেটত ১০খন মেডিকেল কলেজ খোলা হ’ব, তেতিয়াহ’লে সেয়া উন্নয়নমূলক চিন্তা বুলি ক’লোঁহেঁতেন৷ কিন্তু আজমলৰ চিন্তাধাৰাই আধুনিক সভ্যতাৰ পৰা বহুদূৰ পিছুৱাই লৈ যাব৷ দিছপুৰত কংগ্রেছৰ চৰকাৰ হ’লে চাবিকাঠী বদৰুদ্দিন আজমলৰ হাতত থাকিব৷’

ইফালে কংগ্রেছে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰোধিতা কৰা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি ড০ শর্মাই কয় যে কংগ্রেছে ‘কা’ বিৰোধিতা কৰা বুলি লিখা গামোচা পৰিধান কৰিছে৷ কিন্তু এই গামোচা পৰিধান কৰি তেওঁলোকে আজমলক লগত ৰাখিছে৷ আজমলক লগত নৰখাকৈ ‘কা’ৰ বিৰোধিতাৰ কথা উল্লেখ থকা গামোচা পিন্ধিলে তেওঁলোক উপকৃত হ’লহেঁতেন৷ আজমলক লগত লৈ এইদৰে ‘কা’ বাতিলৰ গামোচা পৰিধান কৰাৰ কোনো অর্থ নাই বুলি মন্তব্য কৰি তেওঁ কয়– ‘যিকোনো প্রকাৰে বিজেপিক হৰুৱাবলৈ যি কৰিব পাৰে, তাকেই কৰিম বুলি এইবাৰ কংগ্রেছে সিদ্ধান্ত গ্রহণ কৰিছে৷ তেওঁলোক হতাশ হৈ আছে৷ হতাশ হৈ থকা ৰাজনৈতিক দলে কেতিয়াও নির্বাচনত জয়লাভ কৰিব নোৱাৰে৷’

আনহাতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে সাম্প্রতিক সময়ত ৰাজনৈতিক ক্ষেত্রখনত আৰম্ভ কৰা যুঁজ সন্দর্ভত ড০ শর্মাই কয় যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে তেওঁলোকৰ বহু মূল্যৱান সময় চৰ–চাপৰিত ব্যয় কৰিলে৷ যাৰ পৰা তেওঁলোক কোনোধৰণে লাভান্বিত নহয়৷ ২০২৬ চনৰ নির্বাচনত তেওঁলোকে চেষ্টা কৰিব পাৰে৷ কিন্তু ২০২১ চনৰ নির্বাচনৰ ক্ষেত্রখনৰ পৰা তেওঁলোক ইতিমধ্যে ওলাই গ’ল৷ এওঁলোকক বিপথে পৰিচালিত কৰা হ’ল৷ যাৰ বাবে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ চলিত নির্বাচনত ৰাজনৈতিক পথাৰখনৰ পৰা আঁতৰি গ’ল৷ ইফালে আজি মনোনয়ন–পত্র দাখিল কৰিব বিত্তমন্ত্রীগৰাকীয়ে৷ দীর্ঘদিন ধৰি জালুকবাৰী সমষ্টিক প্রতিনিধিত্ব কৰি অহা মন্ত্রীগৰাকীয়ে কয় যে জালুকবাৰীবাসীৰ সৈতে তেওঁৰ যি সম্পর্ক স্থাপন হ’ল, সেয়া এক ৰাজনৈতিক সাফল্য৷ জালুকবাৰীবাসীৰ সৈতে এই সম্পর্ক জীৱনৰ শেষ মুহূর্তলৈকে ৰাখিব বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয়– ‘বিগত তিনি মাহ ধৰি মই এদিনো জালুকবাৰীলৈ যোৱা নাই৷ কিন্তু তেওঁলোকৰ মাজত প্রচণ্ড উৎসাহ–উদ্দীপনা মই দেখিবলৈ পাইছোঁ৷ মোৰ মনোনয়ন দাখিল পর্বলৈ জালুকবাৰীৰ প্রতিগৰাকী ব্যক্তিয়েই আহিবলৈ বিচাৰিব৷ যোৱা নির্বাচনত মই ৮৬ শতাংশ ভোটলাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ শতকৰা হিচাপত ২০১১ আৰু ২০১৬ চনতো মই প্রথম অথবা দ্বিতীয় স্থানত ভোট লাভ কৰিছিলোঁ৷ প্রথম নির্বাচনৰ সময়ত জালুকবাৰী এখন যুদ্ধক্ষেত্র আছিল৷ আজি জালুকবাৰীত তেওঁলোকে নিজে নিজেই উৎসাহ–উদ্দীপনাৰ মাজত থাকে৷ এই বিৱর্তন মোৰ জীৱনৰ ডাঙৰ প্রাপ্তি৷ জালুকবাৰী সমষ্টিৰ প্রতিঘৰ মানুহে মোক আশীর্বাদ কৰিছে৷ মোৰ আত্মবিশ্বাস আছে যে কাইলৈ স্বতঃস্ফূর্তভাৱে তেওঁলোক ওলাই আহিব৷’

You might also like