ব্যর্থতা ঢ়াকিবলৈ মহাজোঁটক সমালোচনা বিজেপিৰঃ সূর্যেৱালা
নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ যোৱা পাঁচ বছৰত বিজেপিয়ে অসমৰ ৰাইজক কৰা প্রৱঞ্চনা, মিথ্যাচাৰ আৰু প্রতাৰণাৰ হিচাপ বিচাৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক ১০টা প্রশ্ণ উত্থাপন কৰি তাৰ উত্তৰ বিচাৰিলে এ আই চি চিৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সূর্যেৱালাই৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত সূর্যেৱালাই কয় যে ২০১৬ চনৰ ২৩ মার্চত মোদীয়ে সর্বানন্দ সোণোৱালক ভোট দিয়াৰ আহ্বান জনাই যোৰহাট–মাজুলী সংযোগী দলং নির্মাণৰ ঘোষণা কৰিছিল৷ যোৱা পাঁচটা বছৰত মোদীয়ে সেই বিষয়ত একো খবৰ নলৈ বিধানসভা নির্বাচনৰ পূর্বে ভূমিপূজনৰ ভাওনা কৰিলে৷ সেইদৰে ৪০ হাজাৰ কোটি টকাৰে ব্রহ্মপুত্রৰ দুয়োপাৰে ১,৩০০ কিলোমিটাৰ দৈর্ঘ্যৰ এক্সপ্রেছ হাইৱে’ নির্মাণ কৰিব বুলি ২০১৭ চনত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰিয়ে ঘোষণা কৰিছিল৷ পিছে সেইগৰাকী গাডকাৰিয়ে যোৱা ৮ ফেব্রুৱাৰীত ৰাজ্যসভাত কয় যে সেই প্রকল্পৰ বাবে কোনো প্রস্তাৱেই লোৱা হোৱা নাই৷ ‘কা’ক লৈও মোদী চৰকাৰে দুমুখীয়া নীতি লোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে পশ্চিমবংগত মোদীয়ে বলপূর্বকভাৱে হ’লেও ‘কা’ জাপি দিয়াৰ কথা কয়৷ তামিলনাডুত আইনখন বলৱৎ নকৰাৰ কথা কয়৷ অসমত বিষয়টোক লৈ মৌনতা অৱলম্বন কৰি আছে৷ সেইদৰে মোদী আৰু সোণোৱালে হাজাৰ হাজাৰ কোটি টকাৰ কামৰ ঘোষণা কৰিছিল৷ মুঠ ১০,৮৬০.৩১ কোটি টকাৰ সেই কামবোৰৰ বহু কাম এতিয়াও আৰম্ভই নহ’ল৷
উন্নয়নৰ ক্ষেত্রতো অসম যোৱা পাঁচটা বছৰত বহু পিছুৱাই যোৱাৰ বিষয়ে উল্লেখ কৰি সূর্যেৱালাই কয় যে ২০১৫–১৬ বর্ষত জি এছ ডি পি ১৫.৬৭ শতাংশ আছিল৷ ২০১৯–২০ বর্ষত এই হাৰ ৬.৩০ শতাংশলৈ হ্রাস পাইছে৷ জনমূৰি আয় ২০১৫–১৬ বর্ষত ১৩.০২ শতাংশ থকাৰ বিপৰীতে ২০১৯–২০ বর্ষত ৩.৪৬ শতাংশলৈ হ্রাস পালে৷ বেটী বচাও ধ্বনি দিয়া মোদী–সোণোৱালৰ আমোলত যোৱা তিনিটা বছৰত অসমৰ ৮০,৭৯৪গৰাকী মহিলা অত্যাচাৰ আৰু শোষণৰ বলি হ’ল৷ অসমৰ নাৰী নির্যাতনৰ হাৰ দেশৰ ভিতৰতে সর্বাধিক৷ দেশৰ ভিতৰতে অসমৰ কিশোৰী বিক্রীৰ সর্বাধিক গোচৰ পঞ্জীভূত হৈছে৷ একেদৰে ২০১৫ চনৰ ২৫ জুনত মোদীয়ে ঘোষণা কৰা ২.১৯ লাখ প্রধানমন্ত্রী আৱাস আঁচনিৰ অধীনত ২.১৯টা ঘৰৰ ভিতৰত আজি পর্যন্ত মাত্র ২০,৮৯৫টা ঘৰ নির্মাণহে সম্পূর্ণ হৈ উঠিল৷ সংবাদ মেলখনত সূর্যেৱালাই কয় যে সোণোৱাল চৰকাৰে যোৱা ৫টা বছৰে একো কাম নকৰিলে৷ সেয়ে এইবাৰ নির্বাচনত তেওঁলোকে যোৱা দিনত কি কাম কৰিলে আৰু অনাগত দিনত কি কাম কৰিব, সেই বিষয়ে ক’ব পৰা নাই৷ নিজৰ সেই ব্যর্থতা ঢ়াকিবলৈ বিজেপিয়ে ১০টা দলে নির্মাণ কৰা মহাজোঁটক সমালোচনাত ব্রতী হৈছে৷ অনুপ্রৱেশৰ প্রসংগতো প্রধানমন্ত্রী মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে দেশৰ সীমান্ত সুৰক্ষাৰ দায়িত্বত আজি চাৰে সাত বছৰে থকাৰ বিষয়ে উনুকিয়াই তেওঁ কয় যে অনুপ্রৱেশ যদি ৰোধ কৰিব পৰা নাই, তাৰ বাবে তেওঁলোক জগৰীয়া৷ ব্যর্থতাৰ বাবে দায়িত্ব এৰক৷ আনহাতে আজিৰ সেই সংবাদ মেলত এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে কংগ্রেছৰ নির্বাচনী ‘থীম ছং’টো আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷