নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰত বিপিএফৰ দোকান সম্পূর্ণৰূপে বন্ধ হৈ যাবঃ প্রমোদ

নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ  বি পি এফত ভয়ংকৰ খহনীয়া সৃষ্টি কৰি তিনি শতাধিক সমর্থকসহ ইউ পি পি এলত যোগদান কৰে প্রাক্তন আৰম্ভ কৰিছে তুমুল প্রচাৰাভিযান৷ মিত্রজোঁটৰ অংশীদাৰ হ’লেও সমষ্টি হস্তগত কৰিবলৈ প্রচাৰ ব্যাপক কৰিছে দুই মিত্রদলে৷ মিত্রদল কংগ্রেছৰ হাতৰ পৰা এইবাৰ দলগাঁও আঁজুৰি আনিবলৈ সমষ্টিটোৰ ভিন্ন প্রান্তত বিশাল ৰেলীৰে আজি নির্বাচনী ৰণশিঙা বজালে সাংসদ তথা এ আই ইউ ডি এফপ্রধান বদৰুদ্দিন আজমলে৷ দলীয় প্রার্থী মজিবুৰ ৰহমানৰ সমর্থনত কেইবাসহস্র মটৰচাইকেল আৰু চাৰিচকীয়া বাহনত হাজাৰ হাজাৰ দলীয় সমর্থক, নেতা–কর্মীক লৈ আয়োজন কৰা সুবিশাল ৰেলীয়ে আজি দলগাঁও বিধানসভা সমষ্টি এলেকাৰ প্রান্তে প্রান্তে দলৰ সমর্থকসকলৰ মাজত সৃষ্টি কৰে একপ্রকাৰৰ উন্মাদনা৷ খাৰুপেটীয়াৰ পৰা আৰম্ভ কৰা এই বিশাল ৰেলীৰ মাজে মাজে পশ্চিম বাহাবাৰী, নেপালী বজাৰ, দৈপাম, বালিগাঁও, লালপুল, বেছিমাৰী, বটাবাৰী, শিলবৰী, কৌপাটি, শিয়ালমাৰী, শ্যামপুৰ, বিহুদিয়া আৰু জংগলপাৰাত আয়োজন কৰা ১৪খনকৈ পথসভাত উপচি পৰা সমর্থকসকলক সম্বোধন কৰি এ আই ইউ ডি এফ সভাপতি বদৰুদ্দিন আজমলে কয়– এইবাৰ ৰাজ্যত কংগ্রেছ নেতৃত্বাধীন মহাজেজাটে প্রয়োজনতকৈ অধিক আসন দখল কৰি চৰকাৰ গঠন কৰিব৷

আনহাতে, দলগাঁও সমষ্টিত মূল প্রতিদ্বন্দ্বী দল মিত্রজেজাটৰ কংগ্রেছ প্রসংগত কৌশলগতভাৱে বক্তব্য এৰাই চলে যদিও কংগ্রেছ প্রার্থী তথা সমষ্টিটোত একেৰাহে তৃতীয়বাৰৰ বিধায়ক ইলিয়াছ আলীক সমালোচনাৰে থকা–সৰকা কৰে এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে৷ সমষ্টিৰ ৰাইজে ‘কা’, এন আৰ চি, ডি ভোটাৰ, মাটিৰ পট্টা, শৈক্ষিক সমস্যা আদিৰ ক্ষেত্রত সন্মুখীন হোৱা সমস্যাবোৰ বিধানসভাত সবলভাৱে উপস্থাপন কৰিবলৈ এইবাৰ মজিবুৰ ৰহমানক বিপুল ভোটত বিজয়ী কৰাবলৈ সাংসদ বদৰুদ্দিন আজমলে ৰাইজক আহ্বান জনায়৷ ইফালে, বহু চর্চিত ‘এইবাৰ খেলা হবে’ শ্লোগানৰ প্রসংগ টানি আনি সাংসদগৰাকীয়ে কয়– দলগাঁৱত খেলা এইবাৰ একবাৰ একপক্ষীয়হে হ’ব৷ কাৰণ বাকীসকলৰ ভেটি সম্পূর্ণকৈ খহিছে৷ আনহাতে, সভাত এ আই ইউ ডি এফৰ প্রার্থী মজিবুৰ ৰহমানে দলগাঁৱৰ বর্তমানৰ বিধায়ক ইলিয়াছ আলী এইবাৰৰ নির্বাচনত কোনো ‘ফেক্টৰে’ই নহয় বুলি দাবী কৰে৷ তেওঁ কয়– যোৱা ১৫টা বছৰে ইলিয়াছ আলীয়ে সমষ্টিৰ উন্নয়ন সাধনত ব্যর্থতা দেখুৱালে৷ আনকি ৰাইজৰ হকে সদনত এষাৰ মাতো নামাতিলে৷ সেয়েহে ৰাইজে এইবাৰ তেওঁক বিপুল ভোটত বিজয়ী কৰাব বুলি মজিবুৰ ৰহমানে দাবী কৰে৷

You might also like