নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমৰ দিনত ঘামচি, ছালত খজুৱতি, ৰঙা দাগৰ সমস্যা সমাধান কৰক ঘৰুৱা উপায়েৰে

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ পুনৰ আহিল গ্ৰীষ্ম কাল। গৰমৰ দিন পৰাৰ লগে লগে বহুতৰ দেহত দেখা যায় বতৰজনিত সমস্যা। ইয়াৰ ভিতৰত মূলতঃ ঘামচি, ছালৰ খজুৱতি তথা ছালত ৰঙা ৰঙা দাগ পৰা দেখা যায়। এনে সমস্যাৰ সন্মুখীন হ’লে বহু লোকে লগে লগে কি কৰিব লাগে নাজানে। কিন্তু ইয়াৰ আছে কিছুমান ঘৰুৱা প্ৰতিকাৰ। এই প্ৰতিকাৰৰ বিষয়ে অলপ জানি লওঁ আহক।

  • গ্ৰীষ্মকালত গা ধোৱাৰ কোনো বিকল্প নাই। দুইৰ পৰা তিনিবাৰ গা ধুলে ছাল ঠাণ্ডা কৰি ৰাখিব। গা ধোৱাৰ সময়ত অত্যধিক সুগন্ধিযুক্ত চাবোন ব্যৱহাৰ নকৰাই ভাল। পাতল বডীৱাছ ব্যৱহাৰ কৰাটো ভাল।
  • টান বা ফিটিং কাপোৰ পিন্ধিব লাগে। ঢিলা কাপোৰ পিন্ধিব লাগে, যাতে বায়ু শৰীৰত প্ৰৱেশ কৰিব পাৰে। টান কাপোৰ পিন্ধিলে ছালৰ সংক্ৰমণ হ’ব। মনত ৰাখিব, সাধাৰণতে দেহৰ যিবোৰ অংশত অধিক ঘাম ওলাই বা জমা হয়,তেনে অংশবোৰত লিপিট খাই থকা কাপোৰ পিন্ধিব নালাগে।
  • গা ধোৱাৰ আগতে গৰমৰ বাবে প্ৰভাৱিত ছালৰ স্থানত বৰফৰ টুকুৰা লগাব পাৰে। ই জ্বলা-পোৰা আৰু খজুৱতি হ্ৰাস কৰিব।
  • চন্দনকাঠে বিভিন্ন ছালৰ সংক্ৰমণ প্ৰতিহত কৰাত এক যাদুকৰী ভূমিকা পালন কৰে। অধ্যয়নত দেখা গৈছে যে চন্দনে ছালৰ বিভিন্ন সংক্ৰমণ প্ৰতিহত কৰে। চন্দনৰ পাউডাৰ পানীৰ সৈতে মিহলি কৰিব এটা পেষ্ট তৈয়াৰ কৰিব পাৰে আৰু ইয়াক প্ৰভাৱিত অংশত লগাব পাৰে।
  • এলোভেৰা ছালৰ বাবে অতি লাভজনক। ইয়াত প্ৰদাহ-ৰোধী আৰু এণ্টি-চেপটিক উপাদান থাকে। যি ছাল ঠাণ্ডা কৰে আৰু সংক্ৰমণ হ্ৰাস কৰে। ছালৰ অস্বস্তি উপশম কৰিবলৈ আপুনি প্ৰভাৱিত স্থানত এলোভেৰাৰ ৰস ব্যৱহাৰ কৰিব পাৰে।
  • নিম পাত অতি ভাল এণ্টিচেপ্টিক। নিম তেল, নিম পাতৰ পেষ্ট দুয়োটাই খজুৱতিৰ সমস্যা সমাধান কৰে। সেয়েহে এমুঠি নিমপাত এক বাল্টি পানীত তিয়াই কিছু সময় পানীখিনি ৰদত ৰাখি গা ধুব পাৰে। অথবা নিম পাত পানীত উতলায়ো ব্যৱহাৰ কৰিব পাৰে। নিমৰ পানী চকুত নোসোমোৱাকৈ ব্যৱহাৰ কৰিব।
  • সকলোৱে গৰমৰ দিনত কম-বেছি টেলকম পাউডাৰ ব্যৱহাৰ কৰে। ই ছালৰ বাবেও লাভজনক। পাউডাৰে বিশেষকৈ ছালক অত্যধিক ঘামৰ পৰা সুৰক্ষিত কৰে।
You might also like