এইকেইটা বস্তু যদি পকেটত থাকে, তেতিয়া জেপত নাথাকে পইচা…
নিয়মীয়া বাৰ্তা ১৯ মাৰ্চঃ প্ৰত্যেক ব্যক্তিয়ে আৰ্থিকভাৱে সমৃদ্ধিশালী হোৱাটো বিচাৰে। প্ৰত্যকেই ভাবে যে তেওঁৰ জেপ পইচাৰে ভৰি থাকক, কিন্তু এইটো সম্ভৱো নহয়। বাস্তু শাস্ত্ৰ মতে পইচা কেনেদৰে ৰাখে এইটোৰ ওপৰত নিৰ্ভৰ কৰিব পইচা আপোনৰ জেপত থাকিব নে নাই। যদি সময়ত পইচা সঞ্চয় কৰি থয়, তেতিয়া আৰ্থিক সমস্যা হ’লে ই বহু পৰিমাণে উপশম হোৱাত সহায় কৰে।
বাস্তু শাস্ত্ৰ মতে মানীবেগত কিছুমান বস্তু থাকিলে অশুভ বুলি ধৰা হয়, যাৰ বাবে মানীবেগত পইচা নাথাকে। লগতে খৰচো বৃদ্ধি পায়। জানো আহক বাস্তু শাস্ত্ৰ মতে কোনকেইটা বস্তু থাকিলে মানীবেগত পইচা নাথাকে।
বাস্তু শাস্ত্ৰৰ মতে যদি পুৰণা ৰছিদ, বিল মানীবেগত থৈ দিয়ে, তেতিয়া মানীবেগত পইচা নাথাকে। দৰাচলতে মানীবেগত পুৰণা কাগজত ৰাহুৰ প্ৰভাৱ পৰে, সেইবাবে মানীবেগত ৰছিদ অথবা পুৰণা কাগজ ৰাখিব নালাগে।
বাস্তু শাস্ত্ৰৰ মতে মানীবেগত লোহা যেনে ছুৰী, ব্লেড ৰাখিব নালাগে। ইয়াৰ উপৰি মানীবেগত ঔষধ ৰখাটো শুভ বুলি ধৰা নহয়। এইবোৰ ৰাখিলে পইচা কেতিয়াও সঞ্চয় নহয়।
মানীবেগ কেতিয়াও পুৰণা অথবা ফটা হোৱা হ’ব নালাগে। ফটা মানীবেগে আৰ্থিক সংকট দৰ্শায়। সেইবাবে মানীবেগ ফাটিলে অতি সোনকালে সলনি কৰিব লাগে।
বাস্তু শাস্ত্ৰ মতে ঘৰত পইচা থলে সুব্য়ৱস্থাৰে থব লাগে। বাস্তু শাস্ত্ৰ মতে যদি পইচা অ’ত-ত’ত পৰি থাকে, তেতিয়া ধৰুৱা হ’ব পাৰে।
লগতে মানীবেগত থকা মুদ্ৰাৰ কেতিয়াও শব্দ ওলাব নালাগে। ইয়াৰ উপৰি মা লক্ষ্মীৰ এখন সৰু ফটো মানীবেগত ৰাখিলে পইচাৰ সমস্যা নহয়, লগতে সঞ্চয়ো হয়।